মাৰ্ঘেৰিটাঃ বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যুৰ ঘটনাই মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ উপদ্ৰপ সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। সোমবাৰে মাৰ্ঘেৰিটা মাকুমকিল্লাৰ ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ পথাৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত হ’ল ৰাধা গগৈ নামৰ এজন ব্যক্তিৰ।

পুৱা প্ৰায় ৪ মান বজাত বন্যহস্তীৰ এটা দলে ৰাধা গগৈ আৰু মাঝী নামৰ দুজন ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে কেইবাটাওঁ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে। লগতে বনৰীয়া হাতীৰ আক্ৰমণত ৰাধা গগৈ নামৰ ব্যক্তিজনৰ মৃত্যু হয়।

লগতে পঢ়কঃচাবুৱা ডায়টৰ বি.এড চতুৰ্থ ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীক বিদায় সম্বৰ্ধনা

পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা বন বিভাগ আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ উপস্থিতিত মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

ৰাধা গগৈৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰে। উল্লেখ্য যে, মাকুমকিল্লা অঞ্চলৰ সংৰক্ষিত বনাঞ্চল কাঠ মাফিয়াৰ কবলত পৰি সম্পূৰ্ণ ধ্বংস হোৱাত খাদ্যৰ সন্ধানত অহা বন্য হস্তীয়ে মাকুমকিল্লা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উপদ্ৰৱ সৃষ্টি কৰি অহাৰ ফলত গ্ৰামাঞ্চলৰ লোক সকল বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগৰ বিৰুদ্ধে সাধাৰণ ৰাইজে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply