মাৰ্ঘেৰিটাঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ বনগাঁৱত এটি হাতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। এটি সৰু নলাত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহটো।

এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, ‘ডিগবৈ বন সংমণ্ডলৰ নিচেই কাষতে পাভৈ বনগাঁৱত এটা সৰু নলাত পৰি এটা হাতী পোৱালিৰ মৃত্যু হয়। এই অঞ্চলটোত বিভিন্ন সময়ত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে। কিন্তু এই ক্ষেত্ৰত বনবিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যি সময়ত চৰকাৰে বিভিন্ন পদক্ষেপ লোৱা হয় বুলি উল্লেখ কৰি আহিছে কিন্তু এটা সৰু নলাত পৰিয়ে হাতী পোৱালিটোৰ মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক।  আমি অতি দুখীত।’ এই সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে স্থানীয় লোকে। এই মুহুৰ্তলৈকে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, পাৱৈ বনগাওঁ সংৰক্ষিত বনাঞ্চলৰ নিচেই কাষতে লাগি থকা গাওঁ সমূহলৈ বন্যহস্তী আহি উপদ্ৰৱ চলাই আহিছে কিন্তু বনবিভাগে আজিলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply