মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা জাগুনত বনহ্যস্তীয়ে লণ্ডভণ্ড কৰিলে ৫টাকৈ বাসগৃহ, কথমপি প্ৰাণৰক্ষা গৃহস্থৰ। খাদ্যৰ সন্ধানত জাগুনৰ কথা সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বনহ্যস্তীয়ে প্ৰতিনিশাই সন্ত্ৰাস চলাই অহাত গাওঁবাসী ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে।

কৰ্ম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ। বন বিভাগক বাৰম্বাৰ আবেদন জনোৱা পাছতো বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই লেখাপানী-জাগুন বন বিভাগ।

নিশা জাগুন বন গাঁৱত পুনৰ চলালে বনৰীয়া হাতীয়ে উপদ্ৰৱ গাওঁখনৰ নিবাসী ক্ৰমে, জ্যোতি হাজৰিকা, ৰাজু দেৱনাথ, ছায়া দাস, বিৰেণ্ডৰ মহাতো নামৰ লোক কেইজনৰ বাসগৃহ সম্পূন্ন ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও খাদ্য সমগ্ৰী সম্পূৰ্ণৰূপে নষ্ট কৰে।

এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ। উল্লেখযোগ্য যে জাগুনৰ গাতে লাগি থকা কথা সংৰক্ষিত বনাঞ্চলত চলি থকা বনাঞ্চল ধ্বংস যজ্ঞৰ বাবে বন্যহস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে বুলি একাংশ ৰাইজে মত প্ৰকাশ কৰিছে।

উল্লেখ যে লেখাপানী আৰু জাগুন বনাঞ্চালিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহত অবাধ গতি বনধ্বংস চলি আহিছে যদিও এইক্ষেত্ৰত চকুমুদা কুলিৰ ভাওঁ‌ যোৰাৰ লগতে একাংশ কাঠ মাফিয়াৰ পকেটৰ অংশস্বৰূপ হৈ পৰিছে ডিগবৈ বনসংমণ্ডলৰ অন্তৰ্গত একাংশ বন বিষয়া কৰ্মচাৰী ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত।

লগতে পঢ়ক – লখিমপুৰত বৃহৎ পৰিমানৰ জীৱজন্তু অংগসহ তিনি যুৱক গ্ৰেপ্তাৰ

অন্যহাতে ক্ষতগৃহ লোক সকলে বনবিভাগৰ পৰা ক্ষতিপূৰণৰ দীৰ্ঘদিনে লাভ নকৰাৰো অভিযোগ উঠিছে। আজি লণ্ডভণ্ড কৰা বাসগৃহৰ গৃহস্থৰ লগতে পূৰ্বে নষ্ট কৰা বাসগৃহ সমূহৰ গৃহস্থক তৎকালীন ভাৱে ক্ষতিপূৰণৰ দিবলৈ দাবী জনাইছে ভূক্তভোগী পৰিয়াল সমূহৰ লগতে স্থানীয় ৰাইজে।

লগতে দুৰ্নীতিগ্ৰস্ত বন বিভাগৰ লোক আৰু চোৰাং কাৰবাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। এইক্ষেত্ৰত বনমন্ত্ৰী তথা চৰকাৰ প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply