মাৰ্ঘেৰিটাঃ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ খাটাংপানী বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত টেকেৰি ডুৱাগাঁৱত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। মঙলবাৰে নিশা গাঁওখনত বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে বহুকেইটা বাসগৃহ। ভৱেন মৰাণ, সঞ্জু মৰাণ আৰু পূজা মৰাণৰ বাসগৃহ ভাঙি অনিষ্ট সাধন কৰাৰ লগতে খাদ্য-সামগ্ৰীও খাই অনিষ্ট কৰে।

বন বিভাগক এই সন্দৰ্ভত বহুবাৰ অঞ্চলবাসীয়ে জনাইছে যদিও বন বিভাগে বন্যহস্তীৰ সন্ত্ৰাস ৰোধৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ স্থানীয় লোকৰ মন্তব্য অনুসৰি, ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ তথাপিও কোনো ভ্ৰূক্ষেপ নাই বন বিভাগৰ৷ যাৰ বাবে অতি শীঘ্ৰে বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰাৰ লগতে বন বিভাগক দাবী জনায় অঞ্চলবাসীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply