মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত চলিল আজি ৰেল বিভাগৰ জেচিবিৰে উচ্ছেদ অভিযান। দীৰ্ঘদিনে ৰেল বিভাগৰ মাটি অবৈধ ভাবে বেদখল কৰি একাংশ লোকে ঘৰ বনাই বসবাস কৰি থকাৰ পিছত আজি বাসগৃহ ভাঙি পেলোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। তিনিচুকীয়া-লিডু সংযোগী ৰেল পথছোৱাৰ মাকুম পথাৰত অঞ্চলত ৰেল বিভাগ আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত উচ্ছেদ চলাই প্ৰায় ১৪ টা বাসগৃহ ভাঙি পেলায়। মাৰ্ঘেৰিটাৰ মাকুম পথাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলৱে বিভাগৰ সংৰক্ষিত ভূমি বেদখল কৰি দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোকসকললৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আজি ৰে’লৱে বিষয়া, ৰাজহ চক্ৰ বিষয়া, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসন, অৰ্ধ সামৰিক বাহিনী, ৰে’লৱে সুৰক্ষা বাহিনীৰ লোক মোতায়েন কৰি জেচিবিৰে উচ্ছেদ অভিযান চলায়।
অন্যহাতে একাংশ উত্তেজিত লোকে জেচিবি খনৰ গ্লাছ ভাঙি ডাইভাৰক মাৰধৰ কৰিব উদত্ত হয় যদিও উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমগ্ৰ ঘটনাই অঞ্চলটোত আজি এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি উচ্ছেদিত অঞ্চলত প্ৰায় ডেৰ কিঃমিঃ এটা পথ নিৰ্মাণৰ বাবেই এই বেদখল মুক্ত কৰিছে ৰে’ল বিভাগে। যিহেতু বৃহত্তৰ মাকুম পথাৰ অঞ্চলৰ লোকে সকলৰ বাবে এটা স্থায়ী পথ নথকাত যথেষ্ট সমস্যা ভোগ কৰি আহিবলগীয়া হৈছে স্থানীয় জনসাধাৰণে। প্ৰশাসনৰ এক সূত্ৰ অনুসৰি উচ্ছেদিত লোকসকলক প্ৰয়োজন সাপেক্ষে মাটি দিয়াৰো চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে।