মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত দলীয় পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উপ-সভাপতি সৰোজ ৰয়ে। ইয়াৰ পাছতেই শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয়।
লগতে পঢ়কঃসোণাৰিৰ ৰহনত বান প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সুদীৰ্ঘ দিন ধৰি কংগ্ৰেছ দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি প্ৰাণহুতি দিয়া দলৰ নিষ্ঠাৱান নেতা, কৰ্মীসকলক প্ৰতিষ্ঠা দিৱসৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰা হয় লগতে মাৰ্ঘেৰিটা কংগ্ৰেছ পৰিয়ালৰ জ্যেষ্ঠ নেতা, কৰ্মীসকলক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা জনোৱা হয় বুলি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক), তৰা প্ৰসাদ দিহিঙীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এই অনুষ্ঠানত কেইবাজনো ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াৰ লগতে সদস্য সকল উপস্থিত থাকে।