মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ২নং আলুবাৰীৰ পৰা কিশোৰী সন্ধানহীন। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আলুবাৰী স্বপন দেৱনাথৰ কন্য়া তপ্তি দেৱনাথ (১৫) যোৱা বুধবাৰৰ পৰা ঘৰৰ বাৰীত কাম কৰি থকা অৱস্থাৰ পৰাই সন্ধানহীন হয়।
ইতিমধ্যেই পৰিয়ালৰ তৰফৰ পৰা মাৰ্ঘেৰিটা আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
লগতে পঢ়কঃসোমবাৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন
মাৰ্ঘেৰিটা মহকুমা সন্মিলিত নাৰী মঞ্চৰ তৰফৰ সংবাদ মাধ্যমৰ জৰিয়তে কিশোৰী গৰাকীৰ উদ্ধাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে।
কোনো লোকে তপ্তিৰ সন্ধান পালে ম’বাইল নং ৮৮২২৩৩২২৪৫ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
আনহাতে, মাৰ্ঘেৰিটা আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো ধৰণৰ সম্ভেদ দিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সন্মিলিত নাৰী মঞ্চ।