মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত মানৱ অধিকাৰ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত, মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা (ইউডিএইচআৰ), নতুন ৰাষ্ট্ৰসংঘৰ প্ৰথমটো মুখ্য সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ১০ ডিচেম্বৰ তাৰিখটোত মানৱ অধিকাৰ দিৱস হিচাপে বাছনি কৰা হৈছিল। তেতিয়াৰে পৰা সমগ্ৰ বিশ্বত মানৱ অধিকাৰ দিৱস অনুষ্ঠিত হৈ আহিছে।

ডিগবৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° অৰুণ চন্দ্ৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্যবক্তা হিচাপে উপস্থিত থাকে অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়,আইন বিভাগৰ মুৰব্বী অধ্যাপক ড° দিপম বৰুৱা।

সভাত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ নৱ নিযুক্তি অধ্যক্ষ ড° অতনু কাকতি, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায়, ড° হৰি নাৰায়ণ বৰকটকী, মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীণা খনিকৰৰ লগতে কেইবাগৰাকীয়ো গণ্যমান্য ব্যক্তি।

লগতে পঢ়কঃকামৰূপত ১০ আৰু ১১ ডিচেম্বৰত বিশেষ প্ৰতিষেধক প্ৰদান অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,784 other subscribers

Leave a comment

Leave a Reply