মাৰ্ঘেৰিটাঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ নিৰুদ্দেশ হৈছে অসমৰ এজন ব্যক্তি। তামিলনাডুৰ টাচপাতি ষ্টেচনৰ পৰা নিৰুদ্দেশ মাৰ্ঘেৰিটাৰ ব্যক্তিজন।

জানিব পৰা মতে, নিৰুদ্দেশ হোৱা ব্যক্তিজন মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত উলুপ মানমৌপথাৰৰ নিৱাসী হেমন্ত পাল। ১৪ ফেব্ৰুৱাৰীত ৰে’ল যোগে যাত্ৰা আৰম্ভ কৰা হেমন্তই ১৮ ফেব্ৰুৱাৰীত তামিলনাডুৰ কাটপাটি ষ্টেচনত উপস্থিত হৈছিল। 

ষ্টেচনটোত উপস্থিত হোৱাৰ পাছতেই পৰিয়ালৰ লগত হেমন্ত পালৰ যোগাযোগ নাইকিয়া হয়। উক্ত দিন ধৰি হেমন্ত পালৰ মোবাইল ফোনটোও চুইছ অফ হৈ আছে। 

লোকজনৰ নিৰুদ্দেশক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। কোনো ব্যক্তিয়ে লোকজনৰ সন্ধান পালে 91017 43562 নম্বৰত বা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালবৰ্গই জনাইছে আহ্বান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply