মাৰ্ঘেৰিটাঃ শেহতীয়াকৈ বিহু উৎসৱ সমূহত একাংশ উদণ্ড যুৱকে বোকা ডান্সৰ নামত যি অপসংস্কৃতিৰ সৃষ্টি কৰিছে ইয়াৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা আৰক্ষী থানাত মাৰ্ঘেৰিটা মহকুমাৰ সমূহ বিহু কমিটিৰ সৈতে জিলা উচ্চপদস্থ আৰক্ষী বিষয়া সকলৰ এখন সভা অনুষ্ঠিত হয়।
তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোমেশ্বৰ কোঁৱৰ সহ মহকুমাটোৰ কেইবাটাও বিহু কমিটৰ বিষয়ববীয়াৰ উপস্থিত এই সভা অনুষ্ঠিত হয়।
সভাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে শেহতীয়াকৈ বিহুৰ নামত যি অপসংস্কৃতি বোকা নৃত্যৰ সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।
লগতে পঢ়কঃঅসম-ত্ৰিপুৰা সীমান্তত ৩৫ লাখ টকাৰ কফ চিৰাপ জব্দ, এজনক গ্ৰেপ্তাৰ