মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: চোৰাং তেলৰ বিৰুদ্ধে মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ডিজেল আৰু পেট্ৰল জব্দ কৰিবলৈ সক্ষম হয়।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত মাৰ্ঘেৰিটা আৰু ডিগবৈ আৰক্ষীৰ সহযোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ চেণ্টাৰ এলেকাত অভিযান চলাই এই অভিযান।

চাৰিটাস্থানত চলোৱা এই অভিযানত প্ৰায় পাঁ‌চ হাজাৰ লিটাৰ তেল জব্দ কৰিবলৈ সক্ষম হয়। চোৰাং তেল ব্যবসায়ী দীপক সিং আৰু ভগৱান শ্বাহে উক্ত তেল খিনি মজুত কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

ডিগবৈ ট্ৰাৰমিনেলৰ পৰা অহা অইল ট্ৰেংকাৰ সমূহৰ একাংশ চালকক মেনেজ কৰি এই ব্যৱসায় দীৰ্ঘদিন ধৰি চলাই আহিছিল। ইতিপূৰ্বে পাৱৈ ভগৱান শ্বাহ মালিকানাধীন ধাবাত মহকুমা আৰক্ষীয়ে অভিযান চলাই তেল ট্ৰেংকাৰ সহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল ।

ইয়াৰ পাছতো তেল চুৰ ভগবানে চোং সলাই এই বেহা চলাই অহাৰ তথ্য লাভ কৰি আজি আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫ লাখ টকা মূল্যৰ চোৰাং তেল আৰু বহুকেইটা ড্ৰাৰ্মৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

আজিৰ অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল। অন্যহাতে তেল চুৰ দ্বয় শ্বাহ আৰু সিঙক আটক কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।

লগতে পঢ়ক- অনলাইন মাধ্যমেৰে ৰাষ্ট্ৰপতিয়ে আৰম্ভ কৰিলে টীয়কৰ লাচিত মৈদামৰ প্ৰকল্পৰ কাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply