মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত আছাৰ উত্তাল প্ৰতিবাদ। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি, সাংসদ পল্লৱ লোচন দাস, ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিচান, বিধায়ক তেৰচ গোৱালা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ ।
অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতিকৰণ, জাতিগত প্ৰমাণ পত্ৰত Tea Tribe আৰু Ex-Tea Tribe নামেৰে প্ৰমাণ পত্ৰ প্ৰদান কৰাক বিৰোধিতা, ভূমি অধিকাৰ, চাহ শ্ৰমিকৰ দৈনিক হাজিৰা বৃদ্ধি, আদিবাসী চেটেলাইট অট’ন’মাছ কাউন্সিল, বাগিচা এলেকাৰ বিদ্যালয় আৰু চিকিৎসালয় চৰকাৰীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগত মাৰ্ঘেৰিটা ব্লক তিনি আলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে কেইবাজনো চাহ জনগোষ্ঠীয় মন্ত্ৰী, সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ পুত্তলিকা দাহেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।