মাৰ্ঘেৰিটাঃ অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদক লৈ পুনৰ সৰব হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৱে মঙলবাৰে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত অসমৰ ভূমিত অৰুণাচল প্ৰদেশৰ আগ্ৰাসন ৰোধ তথা দুয়োখন ৰাজ্যৰ সীমা বিবাদ শীঘ্ৰে নিষ্পত্তি কৰাৰ দাবীত উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। লেখাপানীৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ টিৰাপ জাগুন আঞ্চলিক আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
অসমৰ ভূমিত অৰুণাচলৰ আগ্ৰাসনৰ বিৰোধিতাৰে যোৱা ২১ মাৰ্চ তাৰিখেও ছাত্ৰ সংগঠনটোৱে জাগুনত এখন সংবাদ মেলৰ আয়োজন কৰি অসমৰ মুখ্যমন্ত্রীলৈ এক স্মাৰক পত্র প্রেৰণ কৰিছিল। ২১ মাৰ্চৰ সংবাদ মেল আৰু স্মাৰক পত্র প্রদানৰ পাছতো অসম তথা ভাৰত চৰকাৰে চুবুৰীয়া ৰাজ্য দুখনৰ সীমা বিবাদ সমাধানৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলশ্ৰুতিতেই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে।
লগতে পঢ়কঃকালভাৰ্টৰ ওপৰত বাঁহৰ দলং সাজি যাতায়ত কৰিবলগীয়া হয় মহুৰামুখৰ গাঁওবাসীয়ে
মাৰ্ঘেৰিটা সমষ্টিৰ নামটক, নামদাং, লিডু, বমগাৰা, সঞ্জু, দহ মাইল আদি অঞ্চলৰ কেইবাহাজাৰ হেক্টৰ বনাঞ্চল অৰুণাচল প্ৰদেশে আগ্ৰাসনৰ কৰাৰ ভয়ংকৰ তথ্য সংগঠনটোৱে সদৰি অসমৰ ভূমি কোনো কাৰণতে দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে। ছাত্র মুক্তি সংগ্রাম সমিতিৰ এই প্রতিবাদী কাৰ্যসূচীত কেন্দ্রীয় সমিতিৰ কাৰ্যকৰী সভাপতি পাপু দত্ত আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্রীয়েও অংশ গ্রহণ কৰে। দুইখন ৰাজ্যৰ চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰী সকল।
প্রতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্রদান কৰি শীঘ্রে সীমা সমস্যা সমাধানৰ দাবী জনায়।