মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰসন্থাৰ উত্তাল প্ৰতিবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণাচল দেউমালী সংযোগী ১৩ কিঃমিঃ পথ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰাত বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু আটছা মাৰ্ঘেৰিটা আঞ্চলিক উদ্যোগত মাৰ্ঘেৰিটা চাহ বাগিচাৰ সমীপত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
লগতে পঢ়কঃ১৬জুনৰ পৰা ১৯ জুনলৈ দৰং জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা
পথ অৱৰোধৰ ফলত উক্ত পথেৰে অহা যোৱা কৰা সকলো গাড়ী মটৰ স্তব্ধ হৈ পৰিছে। উল্লেখ্য যে, তদানীন্তন কংগ্ৰেছ চৰকাৰ দিনৰ ঠিকাদাৰে অসম-অৰুণাচল সংযোগী গুৰুত্বপূৰ্ণ পথ চোৱা নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ ফলত বৰ্তমান ৰাইজে জলাকলা খাব লগীয়া হৈছে। অনতিপ্ৰলমে পথচোৱা নিৰ্মাণৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।