মানসপ্ৰতিম গগৈ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ ভূমিত অৰুণাচলীৰ আগ্রাসনৰ প্রসংগক লৈ জাঙুৰ খাই উঠিছে অসমৰ তেৰটাকৈ অৰাজনৈতিক সংগঠন। সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, ছাত্র মুক্তি সংগ্রাম সমিতি, সদৌ তাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ, সদৌ অসম আদিবাসী ছাত্র সন্থা, অসম চাহ জনজাতি ছাত্র সন্থা, সদৌ অসম গোৰ্খা ছাত্র সন্থা, মেচ কছাৰী ছাত্র সন্থা, সোণোৱাল কছাৰী ছাত্র সন্থা ঐহোন সভা , নিখিল ৰাভা ছাত্র সন্থা আৰু টি.এম.পি.কে.ৰ মাৰ্ঘেৰিটা মহকুমা আৰু আঞ্চলিক সমিতিয়ে আজি মাৰ্ঘেৰিটা নগৰত অসম অৰুণাচল প্রদেশৰ সীমা সমস্যা সমাধান তথা মাৰ্ঘেৰিটা মহকুমাত অৰুণাচলৰ আগ্রাসন ৰোধৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত অসমৰ ৬ খনকৈ গাওঁ অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী গাঁওবাসী তথা অৰুণাচলী লোকৰ। সেই ছয়খন গাওঁক্ৰমে আইছেংকান, য়পাখান, ১,২, আৰু ৩নং মালৌ গাওঁ আৰু সঞ্জু ৱাৰা গাওঁ কেইখনৰ লোকে মুকলিকৈ গাওঁ কেইখন অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা দেখা যায়। ইয়াৰোপৰি অসমৰ এক বৃহত্তৰ ভূখণ্ড অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে অৰুণাচলী লোকে।
লেখাপানী সংৰক্ষিত বনাঞ্চলৰ, চালেকি সংৰক্ষিত বনাঞ্চলৰ ,টিপং সংৰক্ষিত বনাঞ্চলৰ পাহৰপুৰ সংৰক্ষিত বনাঞ্চল, টিৰাপ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলকে ধৰি অসমৰ বনাঞ্চল বহু হাজাৰ হেক্টৰ ভূমি, ইয়াৰোপৰি দাবী কৰা গাওঁ কেইখনৰ সীমা অসমৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা নিৰ্ধাৰণ কৰাৰ দাবী উত্থাপন কৰিছে অৰুণাচলী লোকে।
মঙলবাৰে প্রতিবাদকাৰীসকলে উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত সমবেত হৈ তাৰ পৰা শোভাযাত্রা কৰি ৩১৫ নং ঘাই পথেৰে চেগুনবাৰী তিনি আলি পৰ্য্যন্ত যাব বিচাৰে যদিও আৰক্ষী প্রশাসনৰ বাধাৰ বাবে চেগুনবাৰী পাঞ্জাৱ নেচেনল বেঙ্গলৰ সমিপৰ পথৰ ওপৰতে অৱস্থান কৰি প্রতিবাদ সাব্যস্ত কৰে।
প্রতিবাদকাৰীসকলে অসম চৰকাৰ হায়, হায়, অৰুণাচল চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় ,অতুল বৰা হায় হায় , ভাস্কৰ শৰ্মা মুৰ্দাবাদ, অসমৰ ভূমি কোনো কাৰণতে এৰি দিয়া নহব, অৰুণাচল চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ছাত্র মুক্তিৰ কেন্দ্রীয় কাৰ্য্যকৰি সভাপতি পাপু দত্ত, যুৱ ছাত্রৰ তিনিচুকীয়া জিলা সম্পাদক কাঞ্চন বড়া, আছাৰ জিলা সম্পাদক ৰামানুজ লাক্ৰাৰ, টাই আহোম যুৱ পৰিষৰ মাৰ্ঘেৰিটা মহকুমাৰ নেতা জানা সন্দিকৈ, আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সম্পাদক ৰূপম বৰুৱাৰ লগতে অন্যান্য সংগঠন সমূহৰ নেতা সকলে মাৰ্ঘেৰিটা মহকুমাত অৰুণাচলৰ আগ্রাসন কোনো কাৰণতে সহ্য কৰা নহব, এক ইঞ্চি অসমৰ মাটিও অৰুণাচলক দিয়া নহব বুলি মন্তব্য কৰে। অসম চৰকাৰৰ প্রতিনিধিয়ে অৰুণাচলৰ লগত কৰা আলোচনাত কি হ’ল সেইয়া মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে নাজানে বুলি অভিযোগ কৰি মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক অসমৰ মাটি যাতে লব নোৱাৰে এই ক্ষেত্রত স্পষ্ট ভুমিকা গ্রহণ কৰাৰ আহ্বান জনায়। প্রতিবাদ কাৰী সকলে অসমৰ মুখ্যমন্ত্রীলৈ প্রেৰণ কৰা এক স্মাৰক পত্রত অভিযোগ কৰে যে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ অধিনৰ বমগৰা নামৰ ঠাইত তিনিবছৰ পূৰ্বে অৰুণাচল প্রশাসনে নাম ফলক লগাই ভূমি দখলৰ বাবে প্রচেষ্টা চলাইছিল যদিও মাৰ্ঘেৰিটা মহকুমা প্রশাসনে বন বিভাগৰ সহযোগত সেই ফলক আতৰাই পেলাইছিল।
কিন্তু শেহতীয়াকৈ পুনৰ বমগৰাত টঙী ঘৰ সাজি বাঁহৰ গেট লগাই সীমা নিৰ্ধাৰণ কৰি ভূমি দখলৰ প্রচেষ্টা চলাইছে । মাৰ্ঘেৰিটা মহকুমাৰ বহু অঞ্চল অৰুণাচলে দখল কৰা প্রয়াস চলোৱাৰ অভিযোগ কৰি সংগঠন সমূহে খনিজ বনজ সম্পদেৰে পৰিপূৰ্ণ অঞ্চল হোৱা বাবেই অৰুণাচলী লোকে এনেদৰে আগ্রাসন কৰিব বিচাৰিছে বুলি অভিযোগ কৰে। সময় থাকোতেই সীমা সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী কৰাৰ লগতে অসমৰ মাটি যাতে অৰুণাচলক এৰি দিয়া নহয় তাৰো ব্যৱস্থা কৰাৰ আহবান জনায়। তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লেখাপানী সংৰক্ষিত বনাঞ্চলত আৰু শালিকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত ব্যাপকভাৱে অৰুণাচলৰ ১ নং ফিনবিৰোৰ ৰাইজে আগ্ৰাসন কৰিছে। লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বমগৰা নামৰ ঠাইত অৰুণাচলী লোকে টঙী ঘৰ আৰু বাঁহৰ গেট সাজি সীমা নিৰ্ধাৰণৰ বাবে উঠি পৰি লাগিছে। উল্লেখ্য যে ২০১৯ চনত ক‘ৰণা মহামাৰীৰ ভৰ-পক সময় চোৱাৰ মাজতে চেগ বুজি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা প্ৰশাসনে অসমৰ বমগাৰা নামৰ ঠাই খণ্ডক অৰুণাচলৰ ভূখণ্ড বুলি দাবী কৰি সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে বেদখল কৰি এখন ফলক লগাইছিল। লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লেখাপানী সংৰক্ষিত বনাঞ্চল আৰু শালেকী প্ৰস্তাৱিত বনাঞ্চলৰ মাজেৰে আহি কেইবা শ হেক্টৰ বন ভূমি বেদখল কৰি অৰুণাচলৰ বুলি দাবী কৰি উক্ত ঠাই খণ্ডত অৰুণাচলীয়ে নাম অৰুণাচলৰ ফলক লগাইছিল। পৰৱৰ্তী পৰ্যায়ত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত অৰুণাচলীয়ে বমগাৰাত লগোৱা সেই নাম ফলক তাৰ পৰা আঁতৰাই দিছিল যদিও পুনৰ একাংশ অৰুনাচলী লোক আহি বমগৰাৰ সেই একে স্থানতে পুনৰ বাঁহেৰে এখন গেট আৰু এটা টঙী ঘৰ সাজি অসমৰ ভূখণ্ডক অৰুণাচল প্ৰদেশত অন্তৰ্ভূক্ত কৰাৰ চেষ্টা কৰিছে। পুনৰ লেখাপানী আঞ্চলিক বন বিষয়াৰ কৰ্মচাৰীসকলে উক্ত চেকগেটখন উঠাবলৈ যাওঁতে উত্তপ্ত পৰিবেশ সৃষ্টি হয়। কেৱল বমগৰাতেই নহয়, অৰুণাচলৰ লোকসকলে অসমৰ সঞ্জুৱাৰা নামৰ গাঁওখন দখল কৰি নাম সলনি কৰি টিৰাপ চাকান গাঁও নামেৰে নামাকৰণ কৰিছে আৰু গাঁওখনৰ ওচৰৰ লেখাপানী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি জাগুন-জয়ৰামপুৰ সীমান্তত জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ দহ মাইলটো বহুতো অৰুণাচলীয়ে অসমৰ ভূমি দখল কৰি ইতিমধ্যে ঘৰ সাজিছে। ঠিক সেইদৰে মাৰ্ঘেৰিটাৰ নামটক, নামদাং অঞ্চলটো অৰুণাচলী লোক আৰু অৰুণাচলৰ প্ৰশাসনে সীমা আগুৱাই আনিবলৈ কোজ কাবাজ অব্যাহত ৰাখিছে। তিনিচুকীয়া জিলাত অৰুণাচল প্ৰদেশে আগ্ৰাসন চলোৱা অঞ্চলসমূহ কয়লা, শিল-বালি আৰু মূল্যবান গছৰে পৰিপূৰ্ণ। সেইবাবেই হয়তো অৰুণাচলী লোকে এইদৰে ব্যাপক আগ্ৰাসন চলাইছে। অৰুণাচলৰ এনে আগ্ৰাসনৰ বাবেই অসম আৰু অৰুণাচলৰ মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰাৰ লগতে, মুখ্যমন্ত্ৰীক আহ্বান জনায় যে অসম – অৰুণাচল প্ৰদেশৰ এই সীমা বিবাদ আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে অসমৰ এক ইঞ্চি ভূমিও যাতে অৰুণাচল প্ৰদেশক এৰি দিবলগীয়া নহয় তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
শেহতীয়াকৈ সৃষ্টি হোৱা অসম অৰুণাচলৰ প্ৰদেশৰ সীমা বিবাদ কেন্দ্ৰ কৰি সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে এক চেপা উত্তেজনাৰ উদ্ভৱ হৈ আছে। এইক্ষেত্ৰত অসম চৰকাৰ তথা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।