মাৰ্ঘেৰিটাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা মিছন বসুন্ধৰা অভিলাষী আঁচনিৰ বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে আজি মাৰ্ঘেৰিটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এখন বাটৰ নাট অনুষ্ঠিত হয়।
বাটৰ নাটৰ জৰিয়তে জনসাধাৰণে সহজেই কিদৰে মাটি- বাৰী ম্যাদীকৰণৰ লগতে আন আন কাম সমূহ কিদৰে কৰিব পাৰে সেই বিষয়ে অভিনয়ৰ জৰিয়তে অভিনেতা সকলে বুজাই দিয়ে।
লগতে পঢ়কঃলখিমপুৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
অন্যহাতে এই আঁচনি অসমত আৰম্ভ কৰাৰ বাবে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুণাল নাথৰ লগতে অভিনেতা নজৰুল হুছেইনে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰে। এই মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ৰাজহ চক্ৰ কাৰ্যালয় সমূহত দালাল ৰাজৰ অৱসান ঘটিল বুলিও উল্লেখ কৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুণাল নাথে।