মাৰ্ঘেৰিটাঃ ছাগলী চোৰে এতিয়া মাৰ্ঘেৰিটাৰ উপকণ্ঠ অঞ্চল সমূহত চলাইছে উপদ্ৰৱ। আজি পুৱতি নিশা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ডিবং ফাকিয়াল গাঁৱৰ পৰা ৬ টা চোৰে ছাগলী চুৰি কৈ লৈ যায় যদিও গৃহস্থ তথা স্থানীয় ৰাইজে নিশাই ছাগলী চোৰৰ সন্ধানত নামি পৰাত ৩টা ছাগলী সহ এখন অটো জব্দ কৰে।

জব্দ কৰা অটোখনৰ নম্বৰ এ এছ ২৩ চি ৯৩৮৭। ভুক্তভোগী ছাগলীৰ গৰাকী ক্ৰমে- চিৰঞ্জীৱ প্ৰসাদ উপাধ্যায়, ৰথডুৱা অঞ্চলৰ চহি দুৰ ৰহমানৰ এজাহাৰ ভিত্তিত চোৰে ব্যৱহাৰ কৰা অটোখনৰ লগতে চালকক আটক কৰি মাৰ্ঘেৰিটা থানালৈ লৈ আনে।

চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰা স্থানীয় ৰাইজে চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। আনহাতে, কিছুদিন পূৰ্বেও দাঁতিকাষৰীয়া গাঁৱৰ পৰাও কেবাটাও ছাগলী চুৰি উধাও হৈছিল চোৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply