মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন আৰক্ষীৰ অভিযান। এই অভিযানত যান-বাহন আৰক্ষীয়ে অৰ্ধ শতাধিক বাহনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে।
বৃহস্পতিবাৰে মাৰ্ঘেৰিটা নগৰৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকীয়া জিলা যান-বাহন আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত যান-বাহন আইন অমান্য কৰা সকলৰ বিৰুদ্ধে চলাই এই অভিযান।
বিশেষকৈ হেলমেট পৰিধান নকৰা, গাড়ীৰ চালকে চীট বেল্ট পৰিধান নকৰাকে ধৰি যান-বাহন আইনৰ আন আন বিষয় সমূহৰ ওপৰত এই অভিযান চলাইছে আৰক্ষীয়ে।
মুখ্যমন্ত্ৰী তথা পৰিৱহন মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই অভিযান চলাইছে বুলি যান বাহন আৰক্ষী শাখাৰ বিষয়া গৰাকীয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।