মাৰ্ঘেৰিটাঃ ৰাজ্য়ত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা।

মাৰ্ঘেৰিটাৰ বৰগোলাইত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লা ভৰ্তি এখন ডাম্পাৰ।

ডাম্পাৰখনৰ নম্বৰ এ এছ ০৬ বি চি ৭৯৮৫।

লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় অভিনাশ প্ৰধান আৰু পৱন সোনাৰ নামৰ দুজন চোৰাং কয়লা ব্য়ৱসায়ীক।

জব্দকৃত চোৰাং কয়লা খিনি দুই কয়লা চোৰে সৰবৰাহ কৰিবলৈ সাজু কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে লিডু, বৰগোলাই, নামদাং, জাগুন-নামফাই, নামটক, বমগাড়া, টিপং লালপাহাৰ আদি অঞ্চলত পুনৰ চোৰাং কয়লা বেহা সক্ৰিয় হৈ উঠিছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply