গুৱাহাটীঃ দুদিন ধৰি বহু যন্ত্ৰণাত চটফটাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৰিয়নিত ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হাতীজনীয়ে। মঙলবাৰে নিশা গিবন অভয়াৰণ্যত কৰুণ মৃত্যুক আকোৱালি লয় আঘাতপ্ৰাপ্ত হাতীটোৱে।

উল্লেখ্য যে, ১০ অক্টোবৰত যোৰহাট জিলাৰ তিতাবৰৰ খৰিকটীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা হাতী নিহত হৈছিল আৰু এটা হাতী গুৰুত্বৰভাৱে আহত হৈছিল। পৰিতাপৰ বিষয় যে, আঘাতপ্ৰাপ্ত হাতীটোৱে ২০ ঘণ্টাৰো অধিক সময় নলাৰ পানীত পৰি চটফটাই আছিল।

প্ৰায় ৬ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰিছিল আৰু পাছত ট্ৰাকত উঠাই আঘাতপ্ৰাপ্ত হাতীটোক লৈ যোৱা হৈছিল গিবন অভয়াৰণ্যলৈ। তাত এদল বিশেষজ্ঞ চিকিত্‍সকে চিকিত্‍সা চলাই আছিল যদিও অৱশেষত মৃত্যুৰে হাৰ মানিলে হাতীটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply