মৰিয়নীঃ পুনৰ ৰেলৰ খুন্দাত মৃত্যু হ’ল এটা পোৱালি হাতীৰ। মৰিয়নিত পুৱতি নিশা উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হ’ল এটা হাতী পোৱালিৰ।
মৰিয়নিৰ নকছাৰীৰ ভেলুগুৰি ৯৫ নং গেটৰ ৰেলপথত সংঘটিত হৈছে এই ঘটনা। উক্ত স্থানত পূৰ্বেও ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু হৈছিল।
লগতে পঢ়কঃকামপুৰত বন্যহস্তীৰ সন্ত্ৰাস
জানিব পৰা মতে, কেইবাদিন ধৰি অঞ্চলটোত কেইবাটাও বন্যহস্তী বিচৰণ কৰি আছিল। গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত প্ৰায় ওলাই আহে হাতীৰ জাক।
বন বিভাগৰ গাফিলতিৰ বাবেই বন্যহস্তীৰ মৃত্যুত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।