মৰিয়নীঃ চিকিৎসক নথকাৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে মৰিয়নীৰ ৰাইজে। যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ নকছাৰিৰ চুঙীলাহিঙস্থিত মহাত্মা গান্ধী আদৰ্শ লাহিং চিকিৎসালয়খনত নাই চিকিৎসক। এই চিকিৎসালয়খন প্ৰকৃতাৰ্থত কেতিয়া আদৰ্শ হৈ উঠিব এয়া সমষ্টিটোৰ ৰাইজৰ চৰকাৰী পক্ষলৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।
বিশেষকৈ নকছাৰি-লাহিং-চেলেংহাট আৰু নগালেণ্ডৰ সীমামূৰীয়া দৰিদ্ৰ ৰাইজৰ বাবে নকছাৰি আদৰ্শ চিকিৎসালয়খনকৈ লৈ বহু সপোন। কিন্তু এই সপোন কেতিয়া পূৰ্ণতা পাব এয়াহে কঠিন উত্তৰ। প্ৰায় এক লাখ লোকৰ চিকিৎসাৰ বাবে থকা চিকিৎসালয়খনত প্ৰয়োজনীয় চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অভাৱ। অনুমোদিত ৮জন চিকিৎসকৰ দুগৰাকীহে দায়িত্ব পালন কৰিব লগাত পৰিছে।
চৰকাৰী বিভাগে এক্সৰে’ মেচিন-আলট্ৰা ছাউণ্ড মেচিন যোগান ধৰিলেও চিকিৎসালয়খনত কাৰিকৰী লোকৰ নিয়োগ নোহোৱাত স্থানীয় ৰাইজে এই সুবিধাবোৰৰ পৰা বঞ্চিত হৈছে আৰু যোৰহাটলৈ নিজৰ গাঁঠিৰ ধন ভাঙি দৰিদ্ৰ জনেও চিকিৎসাৰ বাবে যাব লগা হৈছে। চিকিৎসালয়খনত লেবৰটৰী টেকনিচিয়ানকে ধৰি অন্যান্য কাৰিকৰী কৰ্মচাৰী অদ্যাপি নিযুক্তি দিয়া নহ’ল।
কোভিড সংক্ৰমিত হোৱাৰ সময়ছোৱাত কোভিড কেয়াৰ চেণ্টাৰলৈ পৰিণত কৰোৱা চিকিৎসালয়খনত ৫০খন বিচনাৰ সুবিধা আছে। কিন্তু চিকিৎসালয়ৰ আনুসাংগিক সুবিধাৰ অভাৱ তথা ভিন্ন বিভাগৰ চিকিৎসকৰ অভাৱৰ বাবে প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে স্থানীয় ৰাইজ।
নকছাৰি আছুৰ সভাপতি-সম্পাদক ক্ৰমে- ৰিতুৰাজ গগৈ-মাধূৰ্য গগৈ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক তথা জিলা কাৰ্যালয় সম্পাদক অবিনাশ ফুকন, দেৱজিৎ গগৈ সহিতে আছুৰ এটা সঁজাতী দলে আজি নকছাৰি আদৰ্শ চিকিৎসালয়খন পৰ্যবেক্ষণ কৰি চিকিৎসালয়খনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক সঞ্জীৱ শইকীয়াৰ সৈতে বাৰ্তালাপ কৰে।যিহেতু চিকিৎসালয়খন বৃহত্তৰ নকছাৰি এলেকাৰ জনসাধাৰণৰ সেৱাৰ লগত জড়িত সেয়েহে আছুৱে চিকিৎসালয়খন পূৰ্ণাংগ ৰূপে গঢ়ি নুঠা পৰ্যন্ত ক্ষান্ত নাথাকে বুলি অবিনাশ ফুকনে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে।
চিকিৎসকৰ অভাৱ ,কাৰিকৰী লোকৰ অভাৱ আৰু আনুসাংগিক সুবিধা চৰকাৰী পক্ষই শীঘ্ৰে চিকিৎসালয়খনলৈ প্ৰেৰণ নকৰে তেন্তে গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিব বুলি জানিব দিয়ে।