মৰিয়নীঃ এটা ঐতিহাসিক মন্দিৰ উচ্ছেদক লৈ মৰিয়নীত তীব্ৰ উত্তেজনা।

মৰিয়নী নগৰৰ মাজমজিয়াত ৰেল বিভাগে নিজৰ মাটি বুলি দাবী কৰা এটি বহু পুৰণি শিৱ মন্দিৰ উচ্ছেদ চলোৱাৰ সময়তে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।

জানিব পৰা মতে, ৰেল বিভাগে স্থানীয় ৰাইজ আৰু স্থানীয় প্ৰশাসনক অৱগত নকৰাকৈ হঠাতে মন্দিৰটো উচ্ছেদ চলাবলৈ অহাত ৰাইজ উত্তেজিত হৈ পৰে।

লগতে পঢ়কঃগোৰেশ্বৰৰ বালাবাৰীত অজগৰ উদ্ধাৰ

পিছত স্থানীয় প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি কিছু সুস্থিৰ হয় যদিও পিছত পুনৰ ৰেল বিভাগে বৃহৎ ৰেল আৰক্ষী বাহিনীৰ সহায়ত জেচিবি লৈ মন্দিৰ উচ্ছেদ কৰিবলৈ চেষ্টা কৰাত পুনৰ উত্তেজিত হৈ উঠে স্থানীয় লোক।

উত্তেজিত জনতাই ৰেল আৰক্ষীক ৰাইজে আবদ্ধ কৰি ৰাখে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply