মৰিয়নীঃ ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম। ক্ষুব্ধ ৰাইজে বন্ধ কৰি দিলে পথ নিৰ্মাণৰ কাম। উল্লেখ যে, মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে জৰাজীৰ্ণ ধোদৰ আলিৰ পুনৰ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নী বাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।আনহাতে পথটো মেৰামতি কৰাৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। লোকনিৰ্মাণ বিভাগৰ নকচাৰী গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাৱধানত চলি থকা ধোদৰ আলিৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানদণ্ডৰ কৰি থকাৰ প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

পথটোৰ নিৰ্মাণত অনিয়ম সংঘটিত হৈ অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আছুৰ নকছাৰী আঞ্চলিক শাখাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজৰ যৌথ সিধান্ত মৰ্মে পথৰ নিৰ্মান কাৰ্য বন্ধ কৰি দিয়ে। মাছখোৱাৰ পৰা চেলেংহাটৰ জাঁজী দলঙৰ সমীপলৈকে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰা ক্ষেত্ৰত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবে নিৰ্মাণৰ পাছতে ব্লেক টেপিং এৰাই যোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়কঃক্ষীপ্ৰ গতিত অব্যাহত আছে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাথঁনি উন্নয়নৰ কাম

মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত বিধ্বস্ত ধোদৰ আলিৰ মাছখোৱাৰ পৰা জাঁ‌জী দলঙলৈকে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল ৰাজ্য চৰকাৰৰ জল সম্পদ, তথ্য আৰু জন সংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই। ৰাজ্য চৰকাৰৰ এছ অ’ পি ডি ( জি ) আঁ‌চনিৰ অধীনত এই পথছোৱাৰ পুনৰ নিৰ্মাণ হৈ আছে।

পূৰ্বতে ধোদৰ আলি পুনৰ নিৰ্মাণৰ বাবে প্ৰতিবাদ সাব্যস্থ কৰা আৰু মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবেহে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিৰ নিৰ্মাণৰ নামত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত সমষ্টিবাসী ৰাইজক কি উত্তৰ দিব সেয়াহে লক্ষনীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply