মৰিয়নীঃ মৰিয়নী থানা চাৰিআলিত আৰু দেৱেৰাপাৰ চাৰিআলিত দিনৰ ১১ বজাৰ পৰা আছুৰ আহ্বানত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত মৰিয়নী আৰু নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে।
এই কাৰ্য্যসূচী আৰম্ভ হোৱা এই বিক্ষোভ কাৰ্য্যসূচীত শতাধিক ছাত্ৰ-কৰ্মীয়ে অংশগ্ৰহণ কৰে। অত্যাধিক মূল্যবৃদ্ধিয়ে ৰাইজক জীয়াতু ভূগাইছে। এতিয়ালৈকে যোগান বিভাগ তথা চৰকাৰে কোনো ধৰণৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদকাৰী সকলে ক্ষোভ উজাৰে।
লগতে শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই। এই কাৰ্য্যসূচীত তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অবিনাশ ফুকন, নকছাৰি আছুৰ ভাৰপ্ৰাপ্ত সভাপতি ৰিতুৰাজ গগৈ, সম্পাদক মাধূৰ্য্য গগৈ, সহঃ সম্পাদক আশীষ ভূষণ গগৈ, কৌশিক দুৱাৰা, মদন গগৈ, জয়ধ্বজ বৎস্য, বিকাশ দুৱাৰা, প্ৰিয়াংশু গগৈ, মানস গগৈ নকছাৰি আছুৰ প্ৰাক্তন সভাপতি মাধূৰ্য্য গগৈ, বীৰ লাচিত সেনাৰ যাদৱ দুৱাৰা, ব্ৰজেন দহোটীয়া প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।