গুৱাহাটী : মহানগৰী গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পাতালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুখীয়া ৰোগী সকলৰ বাবে মাৰোৱাৰী হাস্পাতালে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। দুখীয়া ৰোগী সকলক হাস্পাতালখনে প্ৰদান কৰিব বিশেষ সুবিধা।

আৰু পঢ়কঃ আপুনি নিজৰ পেন কাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেনে?

অহা ১ এপ্ৰিলৰ পৰা দুখীয়া ৰোগী সকলক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে মাৰোৱাৰী হাস্পাতালে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হাস্পাতালখনৰ সাধাৰণ বিচনাত যি সকল দুখীয়া ৰোগী ভৰ্তি হ’ব তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত হাস্পাতালখনে ১০০ শতাংশ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আৰু পঢ়কঃ নির্বাচনী কর্তব্যত নিয়ােজিত ব্যক্তিৰ মৃত্যুত মুখ্য নির্বাচনী বিষয়াৰ শােক প্রকাশ

দুখীয়া শ্ৰেণীৰ ৰোগী সকলক সকাহ দিয়াৰ উদ্দেশ্যে হাস্পাতালখনে বিচনা, নাৰ্চ আৰু চিকিৎসকৰ সকলো ধৰণৰ ফিজ অহা ১ এপ্ৰিলৰ পৰা ১০০ শতাংশ ৰেহাই দিব। ইয়াৰ লগতে দুখীয়া শ্ৰেণীৰ ৰোগীৰ ক্ষেত্ৰত বৰ্হিবিভাগ আৰু অন্তবিভাগতো হাস্পাতালখনে কিছু ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেথ’লজি সেৱাৰ ক্ষেত্ৰত ২৫ শতাংশ, ৰেডিঅ’লজি সেৱাৰ ক্ষেত্ৰত ১৫ শতাংশ, ব্লাড বেংক সেৱাৰ ক্ষেত্ৰত ২৫ শতাংশ আৰু ফাৰ্মাচী সেৱাৰ ক্ষেত্ৰত ৫ শতাংশ ৰেহাই দিয়া হ’ব বুলি হাস্পতালখনে ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply