মৰাণ: মাঘৰ পহিলা দিনটোত মৰাণত মাৰৱাড়ী যুৱ মঞ্চ মৰাণহাট শাখাৰ উদ্যোগত মৰাণত দৰিদ্ৰলোকৰ মাজত বস্ত্ৰ, খাদ্যবস্তু, দিব্যাংগলোকক হুইল চেয়াৰ, ছাত্ৰ-ছাত্ৰীক স্কুল বেগ আদি বিতৰণ কৰে ।
উক্ত অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে ।
মন্ত্ৰী গৰাকীয়ে মাৰৱাড়ী যুৱ মঞ্চৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতৰ দিনটো কল্যাণমুখী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে।
লগতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত ৰাজ্যত চান্দা সংগ্ৰহ নকৰি জনসাধাৰনক সহায় কৰি অহা সংগঠণৰ ভিতৰত এটাই সংগঠন ‘মাৰৱাড়ী যুৱ মঞ্চ’ বুলি উল্লেখ কৰে ।
উক্ত অনুষ্ঠানত মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইন্দিকা গগৈৰ লগতে মাৰৱাড়ী যুৱ মঞ্চ মৰাণহাট শাখাৰ বিষয়ববীয়া তথা বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।