মানকাচৰ : অহা শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ। এমাহ ৰোজাৰ অন্তত শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব ঈদ। ঈদ উপলক্ষেত বুধবাৰে মানকাচৰৰ ঝাউডাঙাত প্ৰায় ২ সহস্ৰাধিক দৰিদ্ৰ লোকৰ মাজত জিলা ঐক্য সেনাই ঈদৰ সামগ্ৰী বিতৰণ কাৰৰ লগতে ক’ভিড প্ৰ’টকল মানি ঈদ পালন কৰাৰ বাবে আহ্বান জনাই দৰিদ্ৰ লোকৰ মাজত মাক্স বিতৰণ কৰে।

ঐক্য সেনা অসমৰ নিৰ্দেশত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঐক্য সেনাৰ সভাপতি আব্দুল গফুৰ আহমেদৰ নেতৃত্বত জিলা ঐক্য সেই বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে মানকাচৰৰ ঝাউডাঙা অঞ্চলৰ দৰিদ্ৰ লোক সকলৰ মাজত ঈদ উপলক্ষে ছেবৈ, চিৰা, চেনী, ডিটাৰ্জেন পাউডাৰ, আমুল তাজা, পাপৰ আদি বিতৰণ কৰে। প্ৰায় দুই সহস্ৰাধিক স্থানীয় লোকৰ মাজত এই ঈদ সামগ্ৰী বিতৰণ কৰাৰ পিছত সকলো লোক যাতে ক’ভিড প্ৰ’টকল মানি উলহ-মালহেৰে ঈদ উদযাপন কৰে তাৰ বাবে দৰিদ্ৰ ৰাইজৰ মাজত এখনকৈ মাক্স বিতৰণ কৰে।

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী ঝাউডাঙা, কুছনিমাৰাকে ধৰি বহু কেইখন গাঁৱৰ ৰাইজে চুবুৰীয়া ৰাজ্য মেঘালয়ত দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দি আহিছে। ঈদৰ পূৰ্বে মেঘালয়ত ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মানকাচৰৰ এইসকল লোক দিন হাজিৰা কৰিবলৈ অহা-যোৱা কৰিব নোৱাৰাৰ ফলত অসুবিধাৰ সম্মুখীন হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি জিলা ঐক্য সেনাই এনে শ্ৰমিক পৰ্যায়ৰ দৰিদ্ৰ লোকৰ মাজত ঈদৰ সামগ্ৰী বিতৰণ কৰি এক প্ৰসংশনীয় পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply