মানকাচৰ : ৰাজ্যত ক’ভিডৰ বিভীষিকাৰ মাজতে মানকাচৰৰ বাঘাপাৰা গ্ৰাহক সেৱা কেন্দ্ৰৰ সত্তাধিকাৰী ৰিজিম আহমেদৰ সজাগতা অভিযান। ৰাইজৰ মাজত মাস্ক বিতৰণ কৰি সজাগতা সৃষ্টিৰ বাবে ওলাই আহিল ৰিজিম আহমেদ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী পূৰ্বাঞ্চলৰ ৰাইজক ক’ভিড ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ঠাইত মাস্ক বিতৰন কৰি সজাগ আৰু সচেতন হ’বলৈ ৰাইজক আহ্বান জনায় বাঘাপাৰা গ্ৰাহক সেৱা কেন্দ্ৰৰ সত্তাধিকাৰী ৰিজিম আহমেদে।ৰিজিমআহমেদে জানিবলৈ দিয়ে যে তেওঁ প্ৰায় ৫০০ মাস্ক বিতৰণ কৰি ৰাইজক ক’ভিডৰ সংক্ৰমণৰ পৰা নিজৰ লগতে আনক ৰক্ষা কৰিবলৈ সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ক’ভিডৰ সংক্ৰমণৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। জিলাখনত প্ৰতিদিনে নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেইবাজনো লোক ক’ভিডত আক্রান্ত হৈ জিলাখনত মৃত্যুৰ মুখত পৰিছে।

আৰু পঢ়কঃ চিৰাং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ আটক দুই যুৱক

বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ গ্ৰাম্য অঞ্চল সমূহত ক’ভিডত বহু লোক আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে। গ্ৰাম্য অঞ্চলৰ লোকক সজাগ আৰু সচেতন হ’বলৈ মাস্ক বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে গ্ৰাহক সেৱা কেন্দ্ৰৰ সত্তাধিকাৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply