কামপুৰঃ কোৰোনাৰ ভয়াবহ ৰূপত হোৱা সংক্ৰমনৰ বাবে নগাওঁ সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কামপুৰ বজাৰত মাস্ক, face shield, চেনিটাইজাৰ আদি বিতৰণ কৰি জনসাধাৰনৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে চেষ্টা চলায়।
সাংসদ গৰাকীয়ে শুকুৰবাৰে কামপুৰ বজাৰৰ প্ৰতিখন দোকানলৈ গৈ ব্যৱসায়ী সকলক মাস্ক, চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ব্যৱসায়ী সকলক সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।
লগতে সাংসদ গৰাকীয়ে কামপুৰ নগৰীয়া কোভিড চিকিৎসালয়খন পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে সাংসদগৰাকীয়ে নিজেও কোভিড পৰীক্ষা কৰায় ৷
আনহাতে অসম নাগালেণ্ড সীমান্ত পৰিভ্ৰমণ কৰিবলৈ যোৱা মৰিয়নী সমষ্টিৰ বিধায়ক গৰাকীক নগা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দি চৰকাৰক শীঘ্ৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে৷ মাস্ক বিতৰণ কাৰ্যসূচীত সাংসদ গৰাকীৰ লগত সমাজকৰ্মী সুৰেশ বৰা আৰু কংগ্ৰেছ কৰ্মী সকল উপস্থিত থাকে।
আৰু পঢ়কঃবিধ্বস্ত শুৱালকুছিৰ বস্ত্ৰশিল্প, মূৰে কপালে হাত ব্যৱসায়ীৰ