নিউজ ডেস্কঃ বাৰিষাৰ পূৰ্বেই NHPC ৰ গেৰুকামুখৰ নদীবান্ধ প্ৰকল্পত দেখা গৈছে ভয়ংকৰ ভূমিস্খলন। এতিয়া যেন প্ৰতিদিনে NHPC ত বাজিবলৈ আৰম্ভ বৈছে ভয়ংকৰ বিপদ ঘটাৰ ।
NHPC ৰ নদীবান্ধত আজি দেখা গ’ল এক ভয়ংকৰ ভূমিস্খলন। বৰ্তমান লৈকে জানিব পৰা অনুসৰি ভূমিস্খলনটো লেফ্ট বেংকৰ ড্ৰাইভাৰ্ছ’নেল টানেলত হোৱা এক বিস্ফোৰণৰ ফলত ঘটনাটো সংঘটিত হৈছে।
বিস্ফোৰণৰ ফলত পাহাৰ পৰা অতি ভয়ংকৰ কৈ মাটি, শিল খহি অহা দেখা গৈছে। এতিয়া লৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই।
ভূমিস্খলন হোৱাৰ সময়তেই NHPC ৰ ছাইৰেইন বজাই কৰ্মৰত বিষয়া কৰ্মচাৰীক বৰ্তমান সতৰ্ক কৰি দিয়া হৈছে।
পাহাৰত অবাধ খনন কাৰ্য চলি থকাৰ বাবে এনে ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি আশংকা কৰা হৈছে।
উল্লেখযোগ্য যে, ২০০৯ চনৰ পৰাই বিভিন্ন দল সংগঠনে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি আহিছিল। কিন্তু কোনো কেন্দ্ৰীয় চৰকাৰে বৰ্তমান লৈকে এই প্ৰকল্পৰ কাম বন্ধ নকৰিলে। বিশেষজ্ঞ দলে এই নদীবান্ধ ভৱিষ্যতৰ বাবে সুৰক্ষিত নহৈ বুলি কোৱাৰ পিছতো চৰকাৰে ৫ মাৰ্চত পৰীক্ষামূলক ভাৱে বিদ্যুৎ উৎপাদনৰ বাবে মুকলি কৰি দিয়া হৈছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ।
ইফালে, চলিত বৰ্ষৰ জুন মাহলৈ দুটাকৈ টাৰ্বাইনৰ জৰিয়তে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছিল যদিও ভৱিষ্যতে এই জলবিদ্যুৎ প্ৰকল্পটিত সৰ্বমুঠ ৮ টাকৈ টাৰ্বাইন কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম অথবা এন এইচ পি চিয়ে ।
লগতে পঢ়ক – কোন এই গুৰ পতোৱান সিং পান্নু, যিয়ে হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিলে