নিউজ ডেস্কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহস্পতিবাৰে গৃহ বিভাগে এক ব্যাপক ৰদ-বদলৰ নিৰ্দেশনা জাৰি কৰে।

গৃহ বিভাগৰ নিৰ্দেশনা অনুসৰি, হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক ৰাজ্যৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষক(আইন) হিচাপে নিযুক্তি দিয়াৰ লগতে নলবাৰীৰ অতিৰিক্ত অধীক্ষক সৌৰভ গুপ্তাক পদোন্নতিসহ হোজাইৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

ইফালে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক ডি চি পি (পশ্চিম) হিচাপে নিযুক্তি দিয়াৰ লগতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাৰ্থ প্ৰতিম দাসক পদোন্নতিসহ কৰিমগঞ্জৰে আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি কৰা হৈছে।

আনহাতে, বৰ্তমানৰ গুৱাহাটীৰ ডি চি পি (পশ্চিম) দেৱাশিস বৰাত চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply