নিউজ ডেস্কঃ ৰাজ্যৰ কৃষক উৎপাদনকাৰী সংগঠনসমূহ (FPO) ৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰি মাষ্টাৰকাৰ্ড আৰু এক্সেছ ডেভেলপমেন্টে ছাৰ্ভিচেজে আজি অসমত এক নতুন কাৰ্যসূচী মুকলি কৰাৰ কথা ঘোষণা কৰিছে।
‘মেইনষ্ট্ৰীমিং এগ্ৰিকালচাৰ থ্ৰু নেটৱৰ্কছ এণ্ড ডেভেলপমেন্ট ইনিচিয়েটিভ’ (নেটৱৰ্ক আৰু উন্নয়ন পদক্ষেপৰ জৰিয়তে কৃষিক মূলসুঁতিলৈ অনা) নাইবা MANDI শীৰ্ষক এই কাৰ্যসূচীয়ে এক পেছাদাৰী প্ৰশিক্ষক গোটৰদ্বাৰা গাঁথনিমূলক কাৰিকৰী সমৰ্থনৰ জৰিয়তে তেওঁলোকৰ সামৰ্থ্য গঢ়ি তোলাত সহায় কৰি এফ পি অ’ সমূহক শক্তিশালী কৰি তোলাৰ লক্ষ্য স্থিৰ কৰিছে ।
ঐতিহাসিকভাৱে ক্ষুদ্ৰ কৃষকসকলে ব্যাপক পৰিসৰৰ অৰ্থনীতিৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম নহয়, বজাৰৰ সঠিক তথ্য পাতি আৰু সংযোগ লাভৰ বাবে সংগ্ৰাম কৰিবলগা হয় আৰু কৃষিজাত সামগ্ৰীৰ লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰো উচিত মূল্য লাভৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় ।
বজাৰ আৰু প্ৰযুক্তিৰ সুবিধা গ্ৰহণত দেখা দিয়া প্ৰত্যাহ্বান সমূহেৰে মোকাবিলা কৰিবলৈ এফ পি অ’ৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলৰ সমষ্টিকৰণ ভাৰতত এক সফল মডেল হিচাপে প্ৰমাণিত হৈছে। অৱশ্যে বহু এফ পি অ’ৰ ক্ষেত্ৰত সম্পদৰ অভাৱ, সঁজুলিসমূহ ফলপ্ৰসূভাৱে কেনেদৰে ব্যৱহাৰ কৰিব লাগে, তাৰ জ্ঞানৰ অভাৱ হোৱা দেখা যায়।
এক্সেছে গুৱাহাটীৰ এফ পি অ’সমূহক লৈ কৰা এক সমীক্ষা অনুসৰি ৯৫% সংগঠনেই বিত্তীয় সেৱাৰ অভাৱ আৰু চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিব পৰাকৈ সজাগতা আৰু জ্ঞানৰ অভাৱৰ লগতে বজাৰত প্ৰৱেশ কৰি সুবিধা গ্ৰহণ কৰাক তেওঁলোকৰ মূল প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰিছে ।
মাষ্টাৰকাৰ্ড আৰু এক্সেছে এফ পি অ’সমূহৰ বাবে প্ৰশিক্ষণৰ কাঠামো, পাঠ্যক্ৰম আৰু সঠিক পদ্ধতিৰ সুবিধা প্ৰদান কৰি এনেধৰণৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰাত সহায় আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই কাৰ্যসূচীয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি এফ পি অ’সমূহৰ মাজত বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে কৃষকসকলৰ মাজত বিত্তীয় সাক্ষৰতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিব।
সেই পদক্ষেপসমূহ ক্ৰমে- তেওঁলোকক উত্তম কৃষি পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান কৰা, বজাৰ সংযোগ আৰু ডিজিটেল পদ্ধতিসমূহৰ দিশে তেওঁলোকৰ প্ৰৱেশ উন্নত কৰা, সহজলভ্য চৰকাৰী আঁচনিসমূহৰ লগতে বিত্তীয় সেৱাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
বিগত ছমাহ ধৰি অসমত এক পাইলট কাৰ্যসূচী হিচাপে এই কাৰ্যসূচী কাৰ্যক্ষম হৈ আছে আৰু এইপৰ্যন্ত মুঠ ৮৩ টা এফ পি অ’ক সামৰি ল’বলৈ সক্ষম হৈছে । ই যিহেতু এতিয়াও অব্যাহত আছে, গতিকে MANDI য়ে ২০২৩ ৰ ভিতৰত ৫০,০০০ কৃষকক লাভান্বিত কৰাৰ লক্ষ্য লৈছে ।
এই কাৰ্যসূচী মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা, অসম চৰকাৰৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° আশীষ কুমাৰ ভূটানি, নাবাৰ্ডৰ ডেপুটি পৰিচালন সঞ্চালক শ্ৰী সূৰ্য্য কুমাৰ, কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড, ইণ্ডিয়ান ইনষ্টিটিউট অব এন্ট্ৰাপ্ৰিনিওৰশ্বিপ, নৰ্থ ইষ্টাৰ্ন ডেভেলপমেন্ট এজেন্সি আৰু নৰ্থ ইষ্টাৰ্ন ডেভেলপমেন্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ সদস্যসকল ।
এক্সেছ ডেভেলপমেন্ট ছাৰ্ভিচেজৰ চি ই অ’ বিপিন শৰ্মাই কয়, “এগ্ৰিটেক সমাধানসমূহ গ্ৰহণে যোগান শৃংখলসমূহ সুশৃংখলিত কৰাত আৰু বজাৰ সংযোগ আৰু বিত্তীয় সেৱাসমূহৰ সুবিধা গ্ৰহণৰ সৈতে জড়িত বিভিন্ন প্ৰত্যাহ্বানেৰে মোকাবিলা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সংযোগ আৰু উৎপাদনশীলতা বৃদ্ধি নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ জৰিয়তে এফ পি অ’সমূহক শক্তিশালী কৰাৰ প্ৰয়োজন আছে । মাষ্টাৰকাৰ্ডেৰে সহযোগিতা স্থাপন কৰি এফ পি অ’সমূহৰ দীৰ্ঘকালীন বহনক্ষমতা নিশ্চিত কৰিবৰ বাবে সঁজুলি, পাঠ্যক্ৰম আৰু দক্ষতা বৃদ্ধিৰ সুবিধা প্ৰদান কৰিবলৈ আমি ৰোমাঞ্চিত হৈ পৰিছোঁ ।“
মাষ্টাৰকাৰ্ডৰ দক্ষিণ এছিয়াৰ সংমণ্ডল অধ্যক্ষ গৌতম আগৰৱালে কয়, “ডিজিটেল আন্তঃগাঁথনি আৰু কাৰিকৰী দক্ষতাৰ অভাৱৰ বাবে বিকাশৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় এফ পি অ’সমূহে । জ্ঞান, ডিজিটেল পদ্ধতিৰ সুবিধা আৰু প্ৰশিক্ষণ প্ৰদানেৰে এফ পি অ’সমূহক আত্মনিৰ্ভৰ হোৱাত সহায় কৰাৰ লগতে ক্ষুদ্ৰ কৃষকসকলৰ স্থিতিস্থাপকতা বৃদ্ধি কৰিব পৰা এক বহনক্ষম মডেল প্ৰস্তুত কৰি এনেবোৰ সমস্যাৰে মোকাবিলা কৰাই হৈছে এই MANDI কাৰ্যসূচীৰ লক্ষ্য । এই পদক্ষেপে ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াত সহায় কৰাৰ লগতে কৃষিকৰ্মৰে জীৱিকাৰ পথ বাচি লোৱাসকলকে ধৰি অধিক লোকক ডিজিটেল অৰ্থনীতিৰ সৈতে সংযোগ কৰাৰ মাষ্টাৰকাৰ্ডৰ প্ৰতিশ্ৰুতিক পুনৰাবৃত্তি কৰে ।“