গুৱাহাটীঃ অৱশেষত আৰক্ষীৰ জালত পৰিল আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ছফিকুল ইছলামক গ্ৰেপ্তাৰ।

শুকুৰবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে কালাতলী পথাৰৰ সোণতলীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা চক্ৰটোৰ মাষ্টাৰমাইণ্ড গৰাকীক ৷

কামৰূপ আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত এটাকৈ আৰক্ষী বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰা অভিযুক্ত।

এই চক্ৰটোৰ মাষ্টাৰমাইণ্ড গৰাকীকে ধৰি এই চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ছয়গাঁও আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ভুৱা নিযুক্তি পত্ৰ লৈ আৰক্ষীৰ চাকৰিত যোগদান কৰিবৰ বাবে যো-জা চলোৱাৰ তথ্য লাভ কৰিছিল কামৰূপ আৰক্ষীয়ে ৷

লগতে পঢ়কঃমহানগৰীৰ ড্ৰাগছৰ পাৰ্টীত কোকেইন যোগানকাৰী গ্ৰেপ্তাৰ

আৰক্ষীৰ ভুৱা নিযুক্ত পত্ৰ প্ৰদান কৰা চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত গৰৈমাৰীৰ কালাতলী গাঁৱৰ পৰা মইনুল খান নামৰ এজন লোকক ছয়গাঁও আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰাৰ পিচত আৰক্ষীয়ে তদন্ত চলাই পুনৰ নগাঁৱৰ ৰহা মিলনপুৰৰ পৰা দ্বীপমণি বৰঠাকুৰ নামৰ লোকজনক ছয়গাঁও আৰক্ষীয়ে আটক কৰি লৈ আহে ৷ ইয়াৰ পিছত পুনৰ দুদিনমান পূৰ্বে ছাদ্দাম হুছেইন নামৰ এজন লোককো ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

জানিব পৰা মতে, আৰক্ষী বিভাগৰ চাকৰিৰ নামত ভুৱা নিযুক্তিপত্ৰ দিয়া চক্ৰটোৰ সৈতে বহুলোক জড়িত আছে ৷ ঘটনাৰ সৈতে জড়িত আন লোক সকলক আটক কৰাৰ বাবে কামৰূপ আৰক্ষীয়ে ছয়গাঁও আৰক্ষীক দায়িত্ব অৰ্পণ কৰে ৷ ছয়গাঁও আৰক্ষীয়ে বৰ্তমানেও জোৰদাৰ তদন্ত অব্যাত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply