প্ৰবীণ বৰুৱা, মঙলদৈ: মঙলদৈৰ শাকতোলা নদীৰ মথাউৰি পুনৰ ভাঙিল। নেতা আহিল নেতা গ’ল, কিন্তু কাম সম্পূৰ্ণ নহ’ল। মাত্র কেইদিনমান আগতে এই একেই স্থানতে মঙলদৈৰ বৰ আঠীয়াবাৰী গাঁৱত শাকতোলা নদীৰ মথাউৰি ভাঙি বৃস্তৰ ক্ষতি সাধন কৰিছিল আৰু প্ৰায় ২০ খনতকৈও অধিক গাওঁ প্লাবিত কৰিছিল।
সেই বাঢ়নী পানীৰ কাৰণে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্য্যন্ত বন্ধ হৈ পৰিছিল। এই ক্ষেত্ৰত মঙলদৈ জলসম্পদ বিভগে মথাউৰিটো পুনৰ নিৰ্মান কৰিছিল যদিও, কামৰ অগ্ৰগতি লেহেমীয়া হোৱা হেতুকে আকৌ ভাঙিল মথাউৰিটো।
যোৱা কিছুদিন ধৰি বৰষুণ দি থকাৰ ফলত মঙলদৈ চহৰৰ লগতে চহৰৰ দাঁতি-কাষৰীয়া অঞ্চল সমূহ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে। চহৰৰ খনৰ ২নং ৱাৰ্ড, ৩নং ৱাৰ্ড, ৪নং ৱাৰ্ড আৰু ৫নং ৱাৰ্ড এতিয়া কৃত্ৰিম বানপানীৰ কৱলত। একে দৰে চহৰৰ দাঁতি-কাষৰীয়া জয় নগৰ, বিদ্যানগৰ, কৃষ্ণ নগৰ কলিতা পাৰা আদি ঠাই সমূহো ডুব গৈছে কৃত্ৰিম বানপানীত।