মথুৰাপুৰঃ আজি ৮ মাৰ্চ। সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে আন্তর্জাতিক নাৰী দিৱস। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে ৮ মাৰ্চ তাৰিখটো বিশ্বজুৰি নাৰী দিৱস হিচাপে পালন কৰা হয়৷ সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আন্তর্জাতিক নাৰী দিৱস ৷
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লাকুৱা উন্নয়ন খণ্ডৰ উদ্যোগত আৰু নিমনাগড় মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ সহযোগত মথুৰাপুৰ ভকত গাঁৱত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কৰা হয় ৷
দুপৰীয়া অঞ্চলটো নাৰীৰ অধিকাৰ, মৰ্যাদা আৰু সুৰক্ষা সম্পৰ্কীয় এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত বৃহত্তৰ অঞ্চলটোৰ শতাধিক মহিলাই অংশ গ্ৰহণ কৰে৷ ইয়াৰ পাছতেই বিভিন্ন খেল-ধেমালিৰ লগতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷