মথুৰাপুৰঃ সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ এটা সুউচ্চ টিলাত অৱস্থিত কৈলাস শিৱধাম মন্দিৰতো বিভিন্ন মাংগলিক কাৰ্যৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত কালিৰেপৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মহাশিৱৰাত্ৰি। মহা শিৱৰাত্ৰিৰ পূজা উপলক্ষে মঙলবাৰৰ পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তই আহি ভৰি কৰা পৰিলক্ষিত হয় কৈলাস শিৱধামত৷

মহাদেৱ ভক্ত সকলে বৃহৎ আকাৰ এই টিলাটোত থকা শিৱ মন্দিৰটোৰ শিৱলিঙ্গ ভাগৰ সন্মুখত ধূপ-দীপ-নৈবেদ্য আগবঢ়াই মহাদেৱৰ আশীষ বিচাৰি পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, এই বিশেষ মন্দিৰটো মথুৰাপুৰ চাহ বাগিচাৰ এটা বৃহৎ টিলাৰ ওপৰত অৱস্থিত আৰু মন্দিৰৰ চৌদিশে কিছু পৌৰাণিক দেৱাল আকৃতি ভগ্নাৱশেষ আছে৷

মন্দিৰটোৰ চৌদিশে ক’লা বৰণৰ বৃহৎ আকাৰৰ পৌৰাণিক শিলাকৃতি দেৱালে আগুৰি থকা বাবে কালক্ৰমত এই মন্দিৰ কৈলাস শিৱধাম মন্দিৰ নামেৰে জনা যায়। মন কৰিবলগীয়া যে, প্ৰতিবছৰে স্থানীয় ৰাইজৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই মহাশিৱৰাত্ৰিত বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply