সোণাৰি : মাঘ বিহু উপলক্ষত চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপে আজি এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷

স্বেচ্ছাসেৱী সংগঠনটোৱে আজি মথুৰাপুৰ মাজগাঁৱত আৰ্থিকভাৱে পিছপৰা অৰ্দ্ধ শতাধিক লোকলৈ বস্ত্ৰ উপহাৰ আগবঢ়াই। উল্লেখ্য যে মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ নামৰ স্বেচ্ছাসেৱী সংগঠটোৱে ধাৰাবাহিক ভাৱে সাধ্যানুসাৰে অতি ভিতৰুৱা তথা দুৰ্গম অঞ্চল বসবাস কৰা লোকৰ মাজত বিভিন্ন সাজপাৰ বিতৰণ কৰি আহিছে বিগত সময়ত।

আনহাতে সময়ে সময়ে চাহ বাগিচা অঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈও শিক্ষণ সামগ্ৰী প্ৰদান কৰিছে ৷ উক্ত কাৰ্যসূচী অংশ স্বৰূপে আজি গ্ৰুপটোৰ কৰ্মকৰ্তা সকলে মথুৰাপুৰ মাজগাওঁ জংঘল ভকত অঞ্চলৰ অতি পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজত মাঘ বিহু উপলক্ষে বস্ত্ৰ বিতৰণৰ এক কাৰ্যসূচী হাতত লয় ৷

এই কাৰ্যসূচীত গ্ৰুপটোৰ উপদেষ্টা জুৱেদ আলি,ৰাধু চৌধুৰী, সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ আৰু সীমান্ত গগৈয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক- শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ ক’ভিডত আক্রান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply