নিউজ ডেস্কঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ কাষেৰে চিৰ প্রবাহমান ঐতিহাসিক গদাধৰ নদী। গদাধৰ নৈৰ পাৰতে মাটিয়াবাগৰ টিলাৰ ওপৰতে সগৌৰৱেৰে থিয় দি আছে জমিদাৰ পৰিয়ালৰ স্বাভিমানৰ প্রতীক ,অপূর্ব শৈলীৰে নির্মিত ‘হাওৱাখানা’।
য’ত হস্তীকন্যা প্ৰতিমা পাণ্ডে বৰুৱাই আৰম্ভ কৰিছিল বহু কালজয়ী গোৱালপৰীয়া লোকগীতৰ আখৰা, সৃষ্টি কৰিছিল একোটাকৈ সুমধুৰ গীত।
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে পঞ্চাছৰ দশকত গৌৰীপুৰ ৰাজপৰিয়ালৰ দুহিতা আছিল।
গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী।
অৱসৰ বিনোদনৰ কাৰণে মাটিয়াবগ টিলাৰ ওপৰত গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰাইছিল এই ৰাজহাউলিটো ।
এই প্রাসাদটি প্রায় ১৯০৪ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত নির্মাণৰ কাম শেষ হৈছিল। প্রথম বিশ্বযুদ্ধৰ সময়ত চীনা মিস্ত্রীয়ে সজোৱা এই প্রাসাদটিত তেতিয়াই প্রায় তিনিলাখ চল্লিশ হাজাৰ খৰচ হৈছিল। প্রাসাদটোৰ মুখ্য হলঘৰ চাৰিটা। মূলঘৰৰ কাষৰ কোঠালী ছয়টা, বৈঠকখানা চাৰিটা, গা-ধোৱা ঘৰ চাৰিটা। গা-ধোৱা ঘৰৰ ডাঙৰ টাববোৰ মেটেল জাতীয় বস্তুৰে নির্মিত। ফাঁক ফাঁককৈ বিশেষ কৌশলপূর্ণ ভাৱে সজা দুৱাৰ-খিড়ীকীবোৰেৰে বহুলভাৱে বায়ু সঞ্চাৰ কৰিব পাৰে।

প্রাসাদটিৰ তলৰ অইন কোঠালীবোৰত চিকাৰ কৰি অনা দুষ্প্রাপ্য জীৱ-জন্তুৰ চাল শিং আদিবোৰ সংৰক্ষিত হৈ আছে। আগতে প্রথম কোঠালীটোত জংবাহাদূৰ হাতীৰ দীঘল দাঁত সযত্নে সংৰক্ষিত আছিল ।
অৱসৰ-বিনোদনৰ বাবে নির্মাণ কৰা এই ৰাজহাউলীটোত ভাৰতীয় বোলছবিৰ আদিপুৰুষ স্বৰূপ স্বগীয় প্রমথেশ চন্দ্র বৰুৱাই শৈশৱ কাল কটাইছিল।
শৈশৱ জড়িত থকা এই ঘৰটোৰ কোঠালীৰ দেৱালয়ত ওলোমাই থোৱা বাঘ আৰু বন্য প্রানীৰ চিকাৰ কৰা কৌশলৰ ছবি আৰু ৰজা প্রকৃতীশ চন্দ্র বৰুৱাৰ বিভিন্ন চিকাৰৰ ছবি আছে।
ভিতৰৰ কোঠালীত আছে আটকধুনীয়া কার্পেটেৰে সজ্জিত বার্মাটিক মেহগনি কাঠ আৰু মার্বল পাথৰৰ মূল্যবান আচবাব,বাঘ,সিংহ,বাইচান,গড়,বনৰীয়া মহ, হৰিণৰ মূৰ আদি।
লগতে কিছু প্রমান পত্র,দলিল মানচিত্র,চিকাৰ সম্পকীয় বিভিন্ন গ্রন্থ। হাওৱাখানাটো থকা টিলাটোৰ চাৰিওফালে আছে নানা গছ যিবোৰ সুসজ্জিত প্রকৃতিৰ অপৰূপ দৃশ্য।
বাওঁফালে ওক গছৰ শীতল ছাঁ আৰু তলত বেদী য’ত মার্বল পাথৰৰ ফলকত ‘প্রতাপসিংহ’ বুলি লিখা ৰাজপৰিয়ালৰ প্রিয় হাতীৰ সমাধি।
পিছে আজিৰ পৰা এশ বছৰ আগতে নির্মাণ কৰা এই ৰাজ প্রাসাদটো এটি ইতিহাস বুকুত লৈ বিলীন হৈ যোৱাৰ পথত।
প্রতিমা বৰুৱা পাণ্ড স্মৃতি বিজড়িত এই হাওৱাখানা চৰকাৰৰ অমযোগিতাৰ বাবে ক্রমাৎ খহি যাব ধৰিছে দেৱালৰ প্লাষ্টাৰবোৰ । উৱলি যাব ধৰিছে টিন পাত।
কেইদিনমান আগতে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বিষয়াবৰ্গৰ সৈতে মাটিয়াবাগৰ হাৱামহলত উপস্থিত হৈ বিভিন্ন আপুৰুগীয়া সমল প্ৰত্যক্ষ কৰি অসম চৰকাৰে প্ৰতিমা বাইদেউৰ বাসগৃহটোক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ পৰিকল্পনা হাতত লৈছে বুলি মন্তব্য কৰে ।
বৰুৱা পৰিয়ালৰ বৰ্তমানৰ গৰাকী প্ৰবীৰ বৰুৱাৰ সৈতে মত বিনিময় কৰে সাস্কৃতিক মন্ত্ৰী গৰাকীয়ে।
যশস্বী লোকশিল্পী গৰাকীৰ লগতে দেশৰ এগৰাকী স্বনামধন্য চলচ্চিত্ৰ পৰিচালক প্ৰমথেশ বৰুৱা, তেখেতৰ ভাতৃ-ভগ্নীসকল ক্ৰমে নিহাৰবালা বৰুৱা, নীলিমা বৰুৱা, প্ৰকৃতিশ চন্দ্ৰ বৰুৱা, প্ৰণৱেশ বৰুৱা প্ৰমুখ্যে সংস্কৃতিবান পৰিয়ালটোৰ স্মৃতি বিজড়িত এই বাসগৃহটোৰ লগতে অসমৰ অন্যান্য ঐতিহ্যপূৰ্ণ সম্পদৰ সংৰক্ষণ কৰাটো চৰকাৰৰ অন্যতম প্ৰধান উদ্দেশ্য।