নিউজ ডেস্কঃ ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত।
SEBAই নিশ্চিত কৰিছে ভাইৰেল হোৱা প্ৰশ্নকাকত ফটোখন ভুৱা।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনালে এই বিষয়ে।
নগাঁৱৰ এজন যুৱকে এডিট কৰি ভাইৰেল কৰিছিল ভূগোলৰ প্ৰশ্ন কাকত।
পূৰ্বে নিৰ্ধাৰিত ২০ মাৰ্চতেই অনুষ্ঠিত হ’ব ভূগোলৰ বিষয়ৰ পৰীক্ষা।
উল্লেখযোগ্য যে, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কোনো এনে ধৰণৰ ভুৱা বাতৰি ভূল নাযাবলৈ সকলোকে অনুৰোধ কৰে। SEBA য়ে কোনো ঘোষণা নকৰা লৈকে এনেধৰণৰ ভুৱা প্ৰচাৰ নকৰিবলৈও অনুৰোধ জনায় শিক্ষা মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক – গ্ৰেপ্তাৰী পৰোৱানা জাৰি পুটিনৰ বিৰুদ্ধে