নিউজ ডেস্কঃ পুনৰ ফাদিল হ’ল মেট্ৰিকৰ প্ৰশ্ন কাকত। ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোৱা গৈছে।

লোহিত খাবলু কেন্দ্ৰৰ ইনচাৰ্জক সোধাপোছাত অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰো তথ্য প্ৰদান কৰে। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিশা অসমীয়াৰ পৰীক্ষাৰ দিন পুনৰ নিৰ্ধাৰণ কৰিবলৈ ছেবাক টুইটাৰ পোষ্ট যোগে পৰামৰ্শ দিয়ে।

মুখ্যমন্ত্ৰী ৰ টুইটাৰ পোষ্টৰ পিছতেই লগে লগে ৰাজ্যজুৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।

তাৰ কিছুসময়ৰ পিছতেই শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে টুইটাৰ পোষ্ট জৰিয়তে জনাই যে, ছেবাই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি মেট্ৰিকৰ MIL ৰ সকলো বিষয় আৰু ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া English(IL) ৰ পৰীক্ষাৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হ’ব।

উল্লখযোগ্য যে, আজি MIL ৰ বিষয়ৰ আৰু English(IL) ৰ নতুন পৰীক্ষা দিন ঘোষণা কৰিব বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে জনাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply