নিউড ডেস্কঃ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বুধবাৰে ৰাজ্যজুৰি টাই-আহোম সকলে পালন কৰে পৱিত্ৰ মে-ডাম-মে-ফি উৎসৱ । এইবাৰৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ টিপাম সোণালী পাহাৰত কেন্দ্ৰীয় ভাৱে মে-ডাম-মে-ফি উৎসৱ আয়োজন কৰে । পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আহোমসকলৰ পূৰ্ব-পুৰুষৰ যি চৰাইদেউত মৈডাম আছে, সেই মৈডাম বোৰ বিশ্ব ঐতিহ্যমণ্ডিত ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে অহা নম্বেৱৰ মাহত এটা দল আহিব ।
ইয়াৰ উপৰি, মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিমল বৰাই তিনিচুকীয়াত; মন্ত্ৰী সঞ্জয় কিষাণে শদিয়াত; মন্ত্ৰী ড০ ৰাণোজ পেগুৱে ডিব্ৰুগড়ত; মন্ত্ৰী যোগেন মোহনে চৰাইদেউত; ধেমাজিৰ হাবুঙত মন্ত্ৰী ইউজি ব্ৰহ্ম; মন্ত্ৰী অশোক সিংঘল লখিমপুৰৰ লালুকত; মন্ত্ৰী অজন্তা নেওগ গোলাঘাটত জিলাত অনুষ্ঠিত মে-ডাম-মে-ফি কাৰ্যসূচীত উপস্থিত থকা দেখা গ’ল।
ইফালে শিৱসাগৰ জিলাতো বিধায়ক অখিল গগৈ উদ্যোগত ৰুদ্ৰসিংহ পাৰ্কত ধুমধামেৰে মে-ডাম-মে-ফি ৰ ধৰ্মীয় ৰীতি-নীতিৰে দিনজুৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
উল্লেখ্যযোগ্য যে, প্ৰচলিত বিশ্বাস অনুসৰি, এই পূজা বিধিখন অসমলৈ চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে আনিছিল ৷ অসমত এই পূজা চুকাফাই ৰাজত্ব কৰাৰ দিনৰে পৰা পালন কৰি অহা হৈছে । আজিকালি এই পূজাই সাৰ্বজনীন ৰূপ লাভ কৰিছে।