গুৱাহাটীঃ মহানগৰীত অভাৱনীয় হাৰত হ্রাস পাইছে মাংসৰ বিক্রী। ৰেনেছা নামৰ এটা এন জি অ’ৱে মহানগৰীৰ ১০ হাজাৰ লোকক লৈ চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
এন জি অ’টোৱে জি এম চিৰ অনুজ্ঞাপত্র থকা ১৭০খন ছাগলীৰ মাংসৰ দোকান, ২০২খন মাছৰ, ৩৮০খন কণী আৰু ব্রইলাৰ, ৪১খন গাহৰিৰ মাংসৰ দোকানৰ ব্যৱসায়ীসকলকো সাঙুৰি লৈছিল৷
মাংসৰ বিক্রী হ্ৰাস পোৱাৰ ফলত অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে মাংসৰ মূল্য।
লগতে পঢ়কঃকামৰূপ আৰক্ষীৰ গুলী আহত কুখ্যাত অপৰাধী নেকিবৰ
প্রতিকিলো ব্রয়লাৰ মাংস ২৭০ৰ পৰা ৩৫০ টকা পর্যন্ত আৰু প্ৰতি কিলো ছাগলীৰ মাংস ৯০০ পৰা ১০০০টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে৷
কেৱল গাহৰিৰ মাংসৰ বিক্রী পূর্বৰ তুলনাত সামান্য পৰিমাণেহে হ্রাস পাইছে৷
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৮০ হাজাৰ কেজি ব্রয়লাৰ মাংস বিক্রী হয় যদিও কিন্তু ক’ভিডসৃষ্ট পৰিস্থিতিৰ পিছৰে পৰা প্রতিদিনে ৫০ হাজাৰ কেজিহে মাংস বিক্রী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷