অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম আন্ত:মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত একেৰাহে দ্বিতীয় বাৰলৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে গুৱাহাটী প্ৰেছ ক্লাবে । নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাবে ১১ ৰাণত পৰাস্ত কৰে মিডিয়া মেনেজমেণ্টক ।

টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাবে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৩৮ ৰাণ । বেটিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ নয়ন প্রতিম কুমাৰে অপৰাজিত ৫৩ আৰু ৰবীন দাসে ২০ ৰাণ কৰে। প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে । বলিঙত গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ ৰবীন দাসে ৩টা, দিগন্ত গোস্বামী আৰু আবুদ্দিন খানে লাভ কৰে ২ টাকৈ উইকেট ।

বেটিং আৰু বলিং দুয়োটাতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা গুৱাহাটী প্ৰেছ ক্লাৱৰ ৰবীন দাসে মেন অব দ্য মেচৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে নিৰ্বাচিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ মৃগাংক শৰ্মা । প্ৰতিযোগিতাৰ শেষত বিশিষ্ট ক্ৰীড়াবিদ তৈবুন নিচা, টপচেম চিমেণ্টৰ শীৰ্ষ বিষয়া অনিল কাপুৰ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, সুবোধমল্ল বৰুৱা আদিয়ে বঁটা প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply