নিউজ ডেস্ক : ক’ভিডৰ ফলত বিদ্যালয়সমূহ বন্ধ থকাৰ মাজতে নাগালেণ্ডৰ এটি শিশুয়ে মাত্ৰ ৮ বছৰ বয়সতে এপ তৈয়াৰ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

ডিমাপুৰৰ হ’ল’টলি স্কুলৰ জায়িগুম জেলিয়াং (Zaiyigum Zeliang) নামৰ ছাত্ৰজনে ক’ভিডৰ বাবে বিদ্যালয় বন্ধ থকা সময়ছোৱাত ছফ্টৱেৰ ক’ডিঙৰ শিক্ষা গ্ৰহণ কৰি নিজাববীয়াকৈ এটা এপ তৈয়াৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান জায়িগুমে নাগালেণ্ডৰ আটাইতকৈ কনিষ্ঠ চাৰ্টিফাইড এপ ডেভেলপাৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে তৃতীয় শ্ৰেণীত পঢ়ি থকা জায়িগুম আৰু তেওঁৰ পিতৃ কাংঝাং জেলিয়াঙে নাগালেণ্ডৰ উদ্যোগ আৰু বাণিজ্য বিভাগ তথা এডুচেণ্টাৰ নামৰ এক প্ৰতিষ্ঠানে যোৱা ২ৰ পৰা ২০ আগষ্টত আয়োজন কৰা ‘Start-Up Nagaland’s Hackathon 2021’-ত অংশগ্ৰহণ কৰিছিল।

উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পিতা-পুত্ৰৰ যুটিয়ে কেৱল দ্বিতীয় স্থান অধিকাৰ কৰায়ে নহয় আনকি শ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া টীম খিতাপ অৰ্জন কৰি ২৫,০০০ টকা অৰ্জন কৰিবলৈ সক্ষম হয়।

‘দেউতাৰ সৈতে যুটি বান্ধি প্ৰতিযোগিতাখনত দ্বিতীয় স্থান অধিকাৰ কৰাত খুবেই ভাল লাগিছে,’ জায়িগুমে কয়।

লগতে পঢ়ক : অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতাৰ সফল সামৰণি

ইষ্টম’জ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জায়িগুমৰ পিতৃ কাংঝাং জেলিয়াঙে কয়, ‘যোৱা বছৰৰ এপ্ৰিল মাহত এক অনলাইন প্লেটফৰ্মৰ জৰিয়তে আমি তাক ক’ডিঙৰ শিক্ষা দিয়াইছিলো। জায়িগুমে খুব আগ্ৰহেৰে শিকা আৰম্ভ কৰি এই বছৰৰ জুলাই মাহৰ ভিতৰত ১৪৪ টা বিগিনাৰ্ছ ক্লাছ সমাপ্ত কৰে।’

‘এতিয়া সি ৬টা মাষ্টাৰ ক্লাছ সম্পূৰ্ণ কৰাত লাগি আছে আৰু ইয়াৰ পিছত প্ৰফেছনেল পৰ্য্যায়ত প্ৰগ্ৰেমিং শিকাৰ পৰিকল্পনা কৰিছে,’ তেওঁ লগতে কয়।

উক্ত প্ৰতিযোগিতাৰ বাবে জায়িগুমে ‘Feed the Needy’ নামৰ এটা এপৰ নমুনা (prototype) তৈয়াৰ কৰিছিল বুলি জানিবলৈ দি কাংঝাং জেলিয়াঙে কয়, ‘উক্ত এপটোৰ জৰিয়তে অভাৱী লোকক অতিৰিক্তভাৱে ৰৈ যোৱা খাদ্য দান কৰাৰ কথা ভবা হৈছিল, কিন্তু পিছত বিভিন্নজনৰ পৰা পৰামৰ্শ পোৱা পিছত এপটোৰ নাম ‘Give the Needy’ ৰখা হয় য’ত মানুহে কিতাপ-পত্ৰ, ফাৰ্নিচাৰ বা যিকোনো সামগ্ৰী দান কৰিব পাৰে।’

মানুহক দানশীলতাৰ প্ৰতি আগ্ৰহী কৰি তোলা উদ্দেশ্যেৰে উক্ত এপটো ডেভেলপ কৰা হৈছে বুলি উল্লেখ কৰি জেলিয়াঙে কয় যে গোটেই কাম জায়িগুমেই কৰিছে দলৰ সদস্যৰ সংখ্যা ন্যূনতম দুজন হ’বই লাগে বাবেবে তেওঁ লগত আছিল।

এই এপটোৰ উপৰি বৰ্তমান আন এটা এপ ডেভেলপ কৰাকলৈ জায়িগুম ব্যস্ত হৈ আছে। PTI (Parents Teachers Interaction) নামৰ এপটোৰ কামত জায়িগুম যোৱা বছৰৰ পৰা লাগি আছে। ছাত্ৰজনে দুয়োটা এপ অহা ৪ৰ পৰা ৬ সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

ইংৰাজীত পঢ়ক : Meet 8-year-old Zaiyigum Zeliang, Nagaland’s youngest App developer

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply