গুৱাহাটী : খানাপাৰাত কেন্দ্রীয়ভাৱে উদ্যাপন কৰিবলৈ লােৱা স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ পর্যালােচনাৰ অৰ্থে সােমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। আলোচনা সভাত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শর্মা, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, অতিৰিক্ত উপায়ুক্তসকল তথা চৰকাৰী শীর্ষ বিষয়াসকল উপস্থিত থাকে।

এই সভাত উপায়ুক্তই অহা দুদিনৰ ভিতৰত কেন্দ্রীয়ভাৱে স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ লােৱা খানাপাৰাৰ খেলপথাৰত আৰক্ষী, অর্ধসামৰিক বাহিনীৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ কৰণীয় সকলাে কাম সমাপ্ত কৰিবলৈ নির্দেশ দিয়ে। নিৰাপত্তা, অনাময় ব্যৱস্থা, চাফ-চিকুনতা, খােৱাপানী যােগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা, চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰােপ কৰি উপায়ুক্তগৰাকীয়ে সকলাে বিভাগকে আসোঁৱাহ নথকাকৈ কামসমূহ সমাপ্ত কৰিবলৈ নির্দেশ দিয়ে।

লগতে পঢ়ক :   ঐতিহাসিক চিনাতলী বৰনামঘৰত ১০০ টা মূল্যৱান সাঁচি পুলি ৰোপন

উল্লেখযােগ্য যে ক’ভিড নির্দেশনা অনুসৰি অনুষ্ঠিত কৰিবলৈ লােৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ক’ভিডৰ বাবেই কোনাে সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত কৰা নহয়। আনহাতে, ক’ভিডৰ পৰিপ্ৰেক্ষিতত এইবাৰ মুক্তি যুঁজাৰুসকলক জিলা প্রশাসনৰ তৰফৰ পৰা তেওঁলােকৰ ঘৰতে সম্বর্ধনা জনােৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply