নিউজ ডেস্ক: আজি জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত কুকুৰা আৰু গাহৰি পালনৰ সৈতে জড়িত ৰাজ্যৰ সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰি আৰু কুকুৰাৰ পৰিবহণ নিষিদ্ধকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই শেহতীয়াকৈ ৰাজ্যখনত পেলোৱা প্ৰভাৱ সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰে।

লগতে, আজিৰ বৈঠকত কুকুৰা আৰু গাহৰি পালকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাকে ধৰি খুচুৰা বজাৰত মাংসৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়। পশুধন খণ্ডটোৰ সৈতে জড়িত সংস্থাৰ প্ৰতিনিধিসকলে এই খণ্ডটোৰ বিকাশ ত্বৰান্বিত কৰা তথা কৃষকসকলৰ সুবিধাৰ্থে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৱলীৰ সন্দৰ্ভত বৈঠকত মন্ত্ৰীগৰাকীলৈ মূল্যৱান পৰামৰ্শ আগবঢ়াই।
বৈঠকৰ পিছত অতুল বৰাই কয়, পশুপালন খণ্ড হৈছে এক অতি সম্ভাৱনাপূৰ্ণ খণ্ড, যিয়ে আমাৰ ৰাজ্যখনত স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
লগতে তেওঁ কয়, পশুপালন খণ্ডটোক নতুন ৰূপত উজ্জীৱিত কৰি কণী আৰু মাংস উৎপাদনত অসমক আত্মনিৰ্ভৰ কৰি তুলিবলৈ আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। পশুধন খণ্ডৰে জড়িত কৃষকসকলৰ সবলীকৰণৰ দিশতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, সচিব তথা সঞ্চালিকা ইন্দিৰা কলিতা, যুটীয়া সচিব ময়ূৰী ওজা, আশ্ৰাফুল আমিন, পশুপালন সংস্থাৰ প্ৰতিনিধিসকল আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক – বিৰল অসমীয়া কিতাপ-আলোচনীক সংৰক্ষণৰ হেতু “ডিজিটাইজিং অসম” ৱেবছাইট মুকলি মুখ্যমন্ত্ৰীৰ