হামৰেণঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী মেঘালয়ৰ জয়ন্তীয়া হিলচ জিলাৰ উপায়ুক্ত ,আৰক্ষী অধীক্ষকৰ সৈতে বহু প্রত্যাশিত যৌথ বৈঠক শুকুৰবাৰে অনুষ্ঠিত হয় ৷

দুই সীমামুৰীয়া ৰাজ্যৰ সীমান্তত ভূমি দখলক লৈ প্ৰায়ে হৈ থাকে মতানৈক্য ৷ এই সম্পৰ্কত শুকুৰবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণ সহ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুপৰীয়া ভাগত দুই ৰাজ্যৰ উপায়ুক্ত-আৰক্ষী অধীক্ষক পৰ্যায়ত অনুষ্ঠিত হয় ৰুদ্ধদ্বাৰ বৈঠক ৷

লগতে পঢ়কঃভাৰত-বাংলাদেশৰ উন্মক্ত সীমান্তত জব্দ ৬ টাকৈ চোৰাং গৰু

মেঘালয়ৰ চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰে জয়ন্তীয়া পাৰ্বত্য জিলাৰ এচ পি বিক্ৰম সিং মাৰাক আৰু অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত উৎপলা শইকীয়া,এছ পি এ,বসুমতাৰীয়ে ৷

আলোচনাত অসমৰ কাৰ্বি আংলঙৰ সীমান্তৰ্ৱতী ভূমিত অনাগত দিনত মেঘালয় চৰকাৰে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

দুয়ো ৰাজ্যই সীমান্তত শান্তি-সম্প্ৰীতি অটুত ৰাখি পাৰস্পৰিক বুজাপৰাৰে কাম অব্যাহত ৰখাৰ সহমত পোষণ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply