সোণাৰি: চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত আধাৰ পঞ্জীয়ন আৰু আধাৰ নম্বৰ সংযোজন (AADHAR Seeding) বিষয়ক এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত অহা ৩০ জুনৰ ভিতৰত আধাৰ পঞ্জীয়ন আৰু আধাৰ নম্বৰ সংযোজন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে বুলি অৱগত কৰি সংশ্লিষ্ট সকলোকে বাকী থকা হিতাধিকাৰী সকলৰ আধাৰ পঞ্জীয়ন অতিশীঘ্ৰে সম্পূৰ্ণ কৰি অহা ৩০ জুনৰ ভিতৰত আধাৰ নম্বৰ সংযোজন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে- ৰেচন কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোজন নকৰিলে হিতাধিকাৰীসকলে সুলভ মূল্যৰ দোকানৰ পৰা প্ৰাপ্য ৰেচন লাভ কৰিব নোৱাৰিব। তেওঁ লগতে অন্যান্য চৰকাৰী আঁচনিৰ সুফল লাভ কৰাৰ ক্ষেত্ৰতো আধাৰ কাৰ্ডৰ অপৰিহাৰ্যতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ জিলাখনৰ প্ৰায় ৩,৬৬,৭৮৫ হিতাধিকাৰীৰ ৬২ শতাংশৰ আধাৰ নম্বৰ সংযোজন ইতিমধ্যে সম্পন্ন হৈছে আৰু ৰেচন কাৰ্ডৰ ক্ষেত্ৰত প্ৰায় ৮৮ শতাংশ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে।

নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে আধাৰ কাৰ্ডৰ নাম আৰু অন্যান্য বিৱৰণ ৰেচন কাৰ্ডৰ সৈতে একে হোৱাটো বাধ্যতামূলক বুলিও অৱগত কৰে তথা এই ক্ষেত্ৰত হিতাধিকাৰীসকলক বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। যদি কোনো হিতাধিকাৰীৰ এই ক্ষেত্ৰত অমিল পৰিলক্ষিত হয় সেয়া যথাযথভাৱে শুধৰণি কৰি ল’বলৈও আহ্বান জনায়।

উপায়ুক্ত গৰাকীয়ে বাগিচা এলেকাত থকা শ্ৰমিক সকলক আধাৰ পঞ্জীয়ন আৰু আধাৰ নম্বৰ সংযোজন কৰাৰ বাবে আগ্ৰহী কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ চাহ বাগিচা কতৃপক্ষ, বাগিচাৰ চৰ্দাৰ, শ্ৰম বিভাগ, সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীসকলক আহ্বান জনায়। বৈঠকত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই ইতিমধ্যে জিলাখনৰ বিভিন্ন চাহ বাগিচাত ১৭ খন সক্ৰিয় আধাৰ পঞ্জীয়ন কেন্দ্ৰত আধাৰ পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে বুলি উল্লেখ কৰে।

এই বাগিচা কেইখন হ’ল- আইদেউবাৰী চাহ বাগিচা, হিংৰিজান চাহ বাগিচা, টাওকাক চাহ বাগিচা, বৰাহী চাহ বাগিচা, সোণাৰি চাহ বাগিচা, দীপলিং চাহ বাগিচা, বৰপাত্ৰ চাহ বাগিচা, মঞ্জুশ্ৰী চাহ বাগিচা, এ এল চি চৰাইদেউ চাহ বাগিচা, নাহৰহাবি চাহ বাগিচা, কানুবাৰী চাহ বাগিচা, বিমলাপুৰ চাহ বাগিচা, টিঙালীবাম বেকাদলং আৰু নগাহাট চাহ বাগিচা। অতিশীঘ্ৰে আৰু ৫ খন আধাৰ পঞ্জীয়ন কেন্দ্ৰ সক্ৰিয় কৰা হ’ব বুলি তেওঁ অৱগত কৰে।

তেওঁ আধাৰ পঞ্জীয়ন কেন্দ্ৰত নিয়োজিত কৰ্মচৰীসকলক বাগিচাৰ শ্ৰমিকসকলৰ সুবিধা হোৱাকৈ পুৱা ৭ বজাৰ পৰা আধাৰ পঞ্জীয়নৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে তেওঁৰ বক্তব্যত জিলাখনৰ হিতাধিকাৰীসকলে যাতে চৰকাৰী আঁচনিসমূহৰ সুফল নিয়মীয়াকৈ লাভ কৰি থাকিব পাৰে তাৰ বাবে প্ৰয়োজনীয় আধাৰ পঞ্জীয়ন আৰু আধাৰ নম্বৰ সংযোজনৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।

তেওঁ লগতে কয় যে- যিখন বাগিচাত আধাৰ পঞ্জীয়ন কেন্দ্ৰ খোলা হৈছে সেই বাগিচাৰ শ্ৰমিকসকলৰ লগতে দাঁতি কাষৰীয়া বাগিচাৰ শ্ৰমিকসকল আৰু ওচৰৰ অঞ্চলসমূহৰ লোকসকলো তাতে আধাৰ পঞ্জীয়ন কৰিব পাৰিব। আজিৰ বৈঠকত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক লালচান্দ বৰি, বিভাগৰ পৰিদৰ্শক দ্বয়ৰ লগতে শ্ৰম বিভাগৰ বিষয়া, চাহ বাগিচাৰ পৰিচালক, বাগিচাৰ চৰ্দাৰসকল, শ্ৰম বিভাগৰ বিষয়া, সমবায় সমিতিসমূহৰ প্ৰতিনিধি আৰু সুলভ মূল্যৰ দোকানীসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply