মানকাচৰ : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বৃহস্পতিবাৰে ৰাজ্যখনৰ ৰাজধানী শ্বিলংৰ পৰা হেলিকেপ্টাৰযোগে দিনৰ প্ৰায় ১১ বজাত মানকাচৰত আহি উপস্থিত হয়। মুখ্য ন্যায়াধীশ বিশ্বনাথ ছামাদাৰ মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত অৱতৰণ কৰি ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা বিএছএফ কেম্পত উপস্থিত হয়। ইয়াৰ পৰা পোনে পোনে ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ পৰিদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সাহাপাৰা গেটেৰে বাংলাদেশ সীমান্তৰ জিৰো লেণ্ডত গৈ বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ সৈতে সাক্ষাৎ কৰে।
তদুপৰি বাঙালদেশৰ বৰ্ডাৰ গাৰ্ডক ভাৰতৰ ফালৰ পৰা মুখ্য ন্যায়াধীশ গৰাকীয়ে নিজে সম্ভৰ্ধনা জনোৱা পৰিলক্ষিত হয়। ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও কাইটীয়া তাঁৰৰ সিপাৰে থকা ভাৰতৰ ভূমিত কৃষকে কেনেকৈ খেতি বাতি কৰে সেই সম্পৰ্কে বিএছএফৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্য ন্যায়াধীশ গৰাকীয়ে আলোচনা কৰে। সীমান্তৰ খুটা, কাইটীয়া তাঁৰৰ বেৰ আদি পৰিদৰ্শন কৰি মুখ্য ন্যায়াধীশ গৰাকী সাহাপাৰা বিএছএফ কেম্পত কিছু সময় জিৰণী লোৱা পৰিলক্ষিত হয়।
লগতে পঢ়ক : ফলাফল ঘোষণাৰ এদিন পূৰ্বে শিক্ষামন্ত্ৰীয়ে নলবাৰীত কি কলে!
মুখ্য ন্যায়াধীশ গৰাকীৰ এই ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কাৰ্যসূচীত মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এইচ. এছ ঠাংখীউ, উচ্চ ন্যায়ালয়ৰ বিচাৰক ডাব্লিউ খাইলেপ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিএছএফৰ ডিআইজি জে চি নায়াক, দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া, অতিৰিক্ত উপায়ুক্তা লক্ষ্মী কুটুম এই কাৰ্যসূচীত উপস্থিত থাকে। মুখ্য ন্যায়াধীশ গৰাকী দিনৰ প্ৰায় ১২ বজাত সাহাপাৰা বিএছএফ কেম্পৰ পৰা হেলিকেপ্টাৰযোগে শ্বিলংলৈ উভতি যায়।